Local, Vocal, Global

Barpeta News: ৯২ সংখ্যক ঐতিহাসিক চেঙা সভা মহোৎসৱ আৰম্ভ

বৰপেটা,১৬জানুৱাৰী : বুধবাৰৰ পৰা ৯ দিনীয়াকৈ অনুষ্ঠিত হৈছে বৰপেটা জিলাৰ ঐতিহাসিক চেঙা সভা মহোৎসৱ।

এইবেলি ১৫ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ ৯ দিনীয়াকৈ অনুষ্ঠিত হৈছে ঐতিহাসিক চেঙা সভা মহোৎসৱ।

চেঙা ঐক্য সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হোৱা ৯২ সংখ্যক চেঙা সভা মহোৎসৱৰ বুধবাৰে সন্ধিয়া দ্বাৰ মুকলি কৰে সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক গুনীন্দ্ৰ নাথ ওজাই।

ইয়াৰ পাছতেই চেঙা ঐক্য সন্মিলনৰ সভাপতি হিৰণ্য কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় উদ্বোধনী সভা। সভাৰ আৰম্ভণিতে চেঙাস্থিত শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্যা আৰু ছাত্ৰীয়ে বন্দনা পৰিবেশন কৰে। ইয়াৰ পাছতেই সমবেত সংগীত পৰিবেশন কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চেঙা ঐক্য সন্মিলনৰ প্ৰাক্তন সম্পাদক চিন্ময় ডেকাই আৰু সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে চেঙা ঐক্য সন্মিলনৰ সম্পাদক ভৃগুফুকন ৰয়ে। উদ্বোধনী সভাখনৰ আঁত ধৰে চেঙা ঐক্য সন্মিলনৰ উপ সভাপতি খনীন পাঠকে(Barpeta News)।

উদ্বোধনী সভাখনত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে জীনা বৰ্মনে আৰু জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰে নিজুমণি দাসে। সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ধৰ্ম বিষয়ক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গোপেশ কুমাৰ শৰ্মাই।

সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চেঙা সভা মহোৎসৱৰ স্মৃতি ৰোমন্থন কৰে গুৱাহাটীৰ বামুনীমৈদামস্থিত পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী গাৰ্লচ পলিটেকনিকৰ অধ্যক্ষ ডঃ নজৰুল হকে। আমন্ত্ৰিত অতিথি হিচাপে গুৱাহাটীবাসী চেঙা সমাজৰ সম্পাদক গিৰিজা দেৱ শৰ্মা আৰু জনপ্ৰিয় ইউটিউবাৰ ভূষণ পাঠক উপস্থিত থাকি ভাষণ প্ৰদান কৰে। উদ্বোধনী সভাখনত কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

লগতে পঢ়ক :Sivasagar MLA Akhil Gogoi:শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আর্থিক সাহায্য বিধায়ক অখিল গগৈৰ