Local, Vocal, Global

WATCH | Barpeta News : বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই বৰপেটাৰ কামাৰপাৰাৰ অপহৃত শিশু

বৰপেটা,১জুলাই : বৰপেটাৰ কামাৰপাৰাৰ অপহৃত শিশুটিক উদ্ধাৰৰ বাবে SDRF বাহিনীয়ে অভিযান চলায়ো শিশুটিৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, কামাৰপাৰাৰ ৰবিউল হুছেইনৰ ৮ বছৰীয়া কন্যা শিশু ৰহিমা খাতুনক ৰবিবাৰে পুৱা ১০ বজাত দুৰ্বৃত্তই অপহৰণ কৰাৰ কিছুসময় পাছতে শিশুটিৰ ঘৰৰ চোতালত ১ লাখ টকা মুক্তিপণ বিচাৰি এখন পত্ৰ পেলাই থৈ যায়(Barpeta News)।

সমগ্ৰ অপহৰণকাণ্ডত স্থানীয় লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে একাংশ লোকে। ঘটনা সন্দৰ্ভত কাছুমাৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো ব্যক্তিক আটক বা জেৰা কৰা নাই । অন্যহাতে অপহৃত শিশুটিৰ পিতৃ মাতৃয়ে শিশুটিক মুকলি কৰি দিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক :WATCH | Chapar News : চাপৰৰ শালকোচাৰ বনাঞ্চলত বন ধ্বংসৰ প্ৰতিযোগিতা