WATCH | Barpeta News : বৰপেটাৰোডত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কৃৰ্তী শিক্ষাৰ্থী সকলক সম্বৰ্ধনা জ্ঞাপন
বৰপেটা,২৩জুন : আজি বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰপেটা ৰোড প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক জনোৱা হয় বিশেষ সম্বৰ্ধনা। অনুষ্ঠানত বৰপেটাৰোডৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৭০ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়(Barpeta News)।
উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি অৰ্ণৱ জ্যোতি শৰ্মা, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনিমেষ দাস, বৰপেটাৰোড সাহিত্য সভাৰ সভাপতি অৰূপ বায়ন, বৰপেটা ৰোড প্ৰেছ ক্লাবৰ সম্পাদক অলকেশ বায়ন, জি,এল,চি কলেজৰ অধ্যাপক ডঃ ৰূপনজিৎ দাস,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ডা: মাধুৰ্য পৰান দাস, অসম সেনাৰ সুভাষ দাসকে ধৰি বৰপেটা ৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকল।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ আগ্ৰীপামত মগৰ সংঘৰ উদ্যোগত কৃৰ্তী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান