WATCH | Barpeta News : নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহ

বৰপেটা,১৬জুন : পঞ্চায়ত নিৰ্বাচনৰ নৱ নিৰ্বাচিত ৱাৰ্ড সদস্যৰ অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহ।
বৰপেটাৰ ভেৰালদি গাঁৱত অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ ভিডিঅ’ ভাইৰেল(Barpeta News)।
অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহ ২১ নং ভেল্লা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৭ নং ভেৰালদি ৱাৰ্ডৰ নৱ নিৰ্বাচিত সদস্যই অৰুনোদয় আঁচনিৰ নামত কৰিলে ধন সংগ্ৰহ।
জানিব পৰা মতে, নতুনকৈ নিৰ্বাচিত হোৱা ৱাৰ্ড সদস্য মহম্মদ তাহেৰ আলী নামৰ ৱাৰ্ড সদস্য জনে অৰুনোদয় আঁচনিৰ নামত ১৫ শ ,২ হাজাৰ ৩ হাজাৰ টকা পৰ্যন্ত লৈ অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহ কৰি ফৰ্ম বিতৰন কৰাৰ অভিযোগ উত্থাপন হৈছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় ৰাইজে অৰুনোদয় আঁচনিৰ নামত ধন সংগ্ৰহৰ কৰা মহম্মদ তাহেৰ আলী নামৰ ৱাৰ্ড সদস্যৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে।