Local, Vocal, Global

WATCH | Barpeta News : মাজদিয়াত বৰপেটা জিলা প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন

বৰপেটা,১৫জুন : মাজদিয়াত বৰপেটা জিলা প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন।

বৰপেটা জিলাৰ পূব প্ৰান্তত অৱস্থিত মাজদিয়া গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি সম্বৰ্ধনা জনায় বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য তথা বৰপেটা জিলা প্ৰাধিকৰণৰ অধ্যক্ষ অনিল কুমাৰ দাসক ।

খিলঞ্জীয়া মুছলমান অধ্যূষিত বৃহত্তৰ অঞ্চল “মাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতি”ৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাবে এটি শৰাই আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় অধ্যক্ষ গৰাকীক(Barpeta News)।

আলজাহ ইদৃশ আলিৰ সভাপতিত্ব কৰা সভাখনত উপস্থিত থাকে সমাজদিয়া-গৰেমাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি আমিৰ হুছেইন সম্পাদক ইখতিয়াৰ আলি আহমেদৰ লগতে কেইবাগৰাকী সদস্য উপস্থিত থাকে সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটোত।

মাজদিয়া গৰেমাৰি গাঁও উন্নয়ন সমিতিয়ে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানটিত অধ্যক্ষ গৰাকীয়ে অঞ্চলতোৰ বিভিন্ন সমস্যাৰ মত বিনিময় কৰাৰ লগতে খিলঞ্জীয়া অধ্যূষিত বৃহত্তৰ অঞ্চলটোৰ সমস্যা সমূহ সমাধানৰ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে অধ্যক্ষ গৰাকীয়ে।

লগতে পঢ়ক : WATCH | Sivsagar News : শিৱসাগৰৰ ভটিয়াপাৰ বাৰীচুকত অহৰহ নিৰ্গত গেছ