WATCH | Barpeta News : বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটা,১২জুন : বৰপেটাৰ চেঙাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ। সংঘৰ্ষত গুৰুতৰভাৱে আহত ৪জনকৈ যুৱক।
আহত যুৱককেইজন ক্ৰমে চাজাহান আলি (১৬),ৰঞ্জিত আলি (১৯),আমিৰ হামজা (১৭),আৰব খান (১৫)।
জানিব পৰা মতে, চাজাহান আৰু ৰঞ্জিত আলি বৰপেটাৰ পৰা নিজৰ ঘৰলৈ উভতি আহি আছিল ঠিক সেয় সময়তে বিপৰীত দিশৰ পৰা অহা আন এখন বাইকৰ সৈতে সংঘৰ্ষ হয়(Barpeta News)।
দুৰ্ঘটনাৰ পিছতেই ঘটনাস্থলীত তাৰাবাৰী থানাৰ আৰক্ষী উপস্থিত হয়। স্থানীয় ৰাইজৰ সহায়ত আহতসকলক ততাতৈয়াকে চেঙা আদৰ্শ চিকিৎসালয়লৈ লৈ যোৱা হয়।
লগতে পঢ়ক : WATCH | Chapar News : চাপৰত ৰাইজে কৰায়ক্ত কৰিলে গাঞ্জাসহ সৰবৰাহকাৰী