Local, Vocal, Global

WATCH | Barpeta News : চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থাৰ

বৰপেটা,৩জুন : চক্ৰ বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান মুছলিম ছাত্ৰ সন্থাৰ।

মুছলিম ছাত্ৰ সন্থা অসম’ৰ বৰপেটা জিলা সমিতিয়ে আজি চেঙা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰিছিল যদিও জিলা প্ৰশাসনে অনুমতি প্ৰদান নকৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে(Barpeta News)।

চেঙা ৰাজহ চক্ৰ বিষয়া গৰাকীৰ যোগেদি প্ৰেৰণ কৰা কেবাটাও দাবী সন্মলিত স্মাৰক পত্ৰৰ প্ৰতিলিপি কেন্দ্ৰীয় গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, মানৱ অধিকাৰ আয়োগ আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ প্ৰেৰণ কৰে।

মুছলিম ছাত্ৰ সন্থাই স্মাৰক পত্ৰত উল্লেখ কৰা দাবী সমূহৰ ভিতৰত – বিদেশী বিতাৰণৰ নামত স্বদেশীক অত্যাচাৰ কৰা বন্ধ কৰা।

ভাৰতীয় নাগৰিক সকলৰ ভোটাৰ তালিকাত লাগি থকা “D” সমূহ তদন্ত ক্রমে সংশোধন কৰা।

এনআৰচি’ৰ চূড়ান্ত তালিকাত নাম থকা নাগৰিকক পৰিচয় পত্ৰ প্ৰদান কৰা আৰু তালিকাৰ পৰা বাদ পৰা লোকৰ বাবে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি এনআৰচি’ৰ ৰৈ যোৱা কাম সম্পূৰ্ণ কৰা।

বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকক উচ্চ আৰু উচ্চতম ন্যায়ালয়ত আবেদন কৰিবলৈ সুযোগ প্রদান কৰাৰ লগতে দৰিদ্ৰ সকলক আইনী সাহাৰ্য প্ৰদান কৰা ।

চেঙা ৰাজহ চক্ৰ বিষয়া মীনাক্ষী বৰ্মনে স্মাৰক পত্ৰ গ্ৰহন কৰি নিৰ্দিষ্ট সকললৈ পঠোৱাৰ ব্যৱস্থা কৰা হব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক : WATCH | Barpeta News : আজি কৃষ্ণগুৰু ঈশ্বৰৰ ৯১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ