Local, Vocal, Global

WATCH | Barpeta News : আজি কৃষ্ণগুৰু ঈশ্বৰৰ ৯১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ

বৰপেটা,৩জুন : আজি কৃষ্ণগুৰু ঈশ্বৰৰ ৯১ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ।

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ লগতে বিশ্বৰ মুঠ ১০৬ খন শাখা সেৱাশ্ৰমত কৃষ্ণগুৰু ঈশ্বৰৰ আৱিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে(Barpeta News)।

আজি পুৱা ৪:২০ বজাত শ্ৰীমদ্ভাগৱত সাৰ লৈ কৃষ্ণগুৰু একনাম কীৰ্ত্তনেৰে প্ৰাতঃভ্ৰমণৰ জৰিয়তে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ হয়। পুৱা ৭ বজাত বৰ্তমানৰ গুৰুজনা গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ পুত্র ৰামানন্দ প্ৰভুৰ দ্বাৰা স্বহস্তে মিষ্টন্ন বিতৰণৰ পাছতেই আৰম্ভ হয় এক বিশাল আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা।

লগতে পঢ়ক : WATCH | Jagiroad News : মায়ং আৰক্ষীৰ জিন্মাৰ পৰা পলায়ন কৰা দুই গৰু চোৰক পুনৰ গ্ৰেপ্তাৰ