Local, Vocal, Global

WATCH | Barpeta News : মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ৪৬০সংখ্যক তিৰোভাব তিথি মহোৎসৱৰ গোন্ধ উৎসৱ

বৰপেটা,২৬মে’ : মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ ৪৬০সংখ্যক তিৰোভাব তিথি মহোৎসৱৰ গোন্ধ উৎসৱ শুভাৰম্ভ ।

শ্ৰী শ্ৰী হৰিদেৱৰ ৪৬০ সংখ্যক তিৰোভাৰ তিথি মহোৎসৱ উপলক্ষে আয়োজিত গোন্ধ উৎসৱ যোৱা ২৩ তাৰিখৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে শুভাৰম্ভ হৈছে। উৎসৱ উপলক্ষে হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গৈছে। দূৰ-দূৰণিৰ পৰা আহি মহাপ্ৰভুৰ চৰণত তেল ঘি ৰে বন্তি জ্বলাই প্ৰভূৰ আশীষ লাভ কৰিছে।

সন্ধিয়া পৰাই সত্ৰ প্ৰাংগণ চাকিৰ পোহৰে অলংকৃত হৈ উঠে। ভক্ত গণে নিচিঙা সোতে নাম-প্ৰসংগৰ মাজেৰে প্ৰভু প্ৰতি নিজৰ গভীৰ ভক্তি প্ৰকাশ কৰে। দূৰ-দূৰণিৰ পৰা অহা বহু সংখ্যক ভক্ত এই শুভ তিথিত প্ৰভুৰ আশীৰ্বাদ গ্ৰহণৰ উদ্দেশ্যে বহৰি সত্ৰলৈ আগমন কৰে(Barpeta News)।

উল্লেখযোগ্য যে, মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱে ১৩৭৫ শকত, অৰ্থাৎ ১৪৫৩ খ্ৰীষ্টাব্দত প্ৰথম বাহৰিত সত্ৰ স্থাপন কৰিছিল। মহাপুৰুষে তেতিয়াই ঐক্ষয় বন্তি প্ৰজ্বলন কৰিছিল, যি আজি ৫৭২ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে জ্বলন্ত অৱস্থাত আছে।

সত্ৰত উৎসৱৰ বতৰা উদুলি-মুদুলিৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাতিপুৱা ১০ বজাৰ পৰা বলৰাম ডেকা আৰু মহেশ ডেকাৰ দ্বাৰা “নাগাৰা নাম” প্ৰদৰ্শন কৰা হৈছে, যি ভক্তসকলৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

উৎসৱ ব্যৱস্থাপনা সমিতিৰ সভাপতি হিচাপে কিৰণ মেধি আৰু সম্পাদক হিচাপে মহাদেৱ দাস মজুমদাৰ দায়িত্ব পালন কৰিছে।

লগতে পঢ়ক : WATCH | Chapar News : শীঘ্ৰে একত্ৰিকৰণৰ দিশে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দুয়োটা বিভাজিত গোট