Local, Vocal, Global

WATCH | Barpeta News : চেঙাৰ কাৰাইখাইতিৰ এটা পৰিয়ালত শোকাকুল পৰিৱেশ

বৰপেটা,২৫মে’ : চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাৰাইখাইতি(আলোপতি) গাঁওৰ এৰশ্বাদ আলী নামৰ এগৰাকী ৫০ বছৰীয়া লোকজন নিৰুদ্দেশ হয় । গুৱাহাটীৰ চাইকেল ফেক্টৰীৰ পৰা নিৰুদ্দেশ হয় লোকজন ।

জানিব পৰা মতে, ২২ মে’তাৰিখে কটাবাৰীৰ পাতি লোৱা বাইদেউৰ পৰা গাড়ী ভাড়ালৈ গাওঁৰ ঘৰত আহিব বুলি পত্নী আৰু ছোৱালীক অৱগত কৰি ওলাই যোৱাৰে পৰাই এৰশ্বাদ আলীৰ কোনো শুংসূত্ৰ নোহোৱাৰ লগতে ম’বাইল ফোনটোও বন্ধ থকাত পৰিয়ালটো ব্যাকুল হৈ পৰিছে(Barpeta News)৷

উল্লেখ্য যে,এৰশ্বাদ আলীয়ে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আৰু বিগত প্ৰায় ২০ বছৰ ধৰি গুৱাহাটীত কাম কৰিয়েই কোনোমতে পৰিয়াল পোহপাল দি আহিছে৷ যদিও তেখেত নিৰুদ্দেশ হোৱাত পৰিয়ালটো দিশহাৰা হোৱাৰ লগতে মানসিকভাৱে ভাঙি পৰিছে ৷

ইতিমধ্যে বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰি নাপাই অৱশেষত আমবাৰী আৰক্ষী থানাত ২৪ মে’নিৰুদ্দেশ সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰাৰ লগতে নিৰুদ্দেশ হোৱা এৰশ্বাদ আলীক বিচাৰি ওলাই দিয়াৰ বাবে আৰক্ষী প্ৰশাসনক কাতৰ আহ্বান জনায় ৷

লগতে পঢ়ক : WATCH | Sonari News : সোণাৰি শাখা সাহিত্য সভাৰ “আমাৰ সন্তান আমাৰ ভৱিষ্যৎ” অনুষ্ঠান সম্পন্ন