Local, Vocal, Global

WATCH | Barpeta News : MOEFCCPC ৰ অসম প্ৰদেশৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ শর্মাৰ বহৰি সত্ৰত গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ

বৰপেটা,২০মে’ : আজি বহৰিত ভাৰত চৰকাৰৰ অধীনৰ MOEFCCPC ৰ অসম প্ৰদেশৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ শর্মা বহৰি সত্ৰত উপস্থিত হৈ গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰে।

Modul of Environment Forest climate change promoter council ৰ অধ্যক্ষ শৰ্মাই মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ আশিষ লবলৈ সত্ৰত উপস্থিত হোৱাৰ লগে লগে শতাধিক লোকে উষ্ম আদৰণি জনায়(Barpeta News)।

অধ্যক্ষ শৰ্মাৰ লগত সমন্বয়ক হিৰণ্য কপিল আৰু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অজয় দাস উপস্থিত আছিল।

সত্ৰত গুৰুজনাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ পিছত অতিথিশালাত হোৱা এক আদৰণি সভাত সত্ৰ পৰিচালনা সমিতিয়ে অধ্যক্ষ সঞ্জীব শর্মা আৰু সমন্বয়ক হিৰণ্য কপিলক চেলেং চাদৰেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বহৰি সত্ৰৰ মজুমদাৰ মহাদেৱ দাসে দিয়া ভাষনত শৰ্মাক অভিনন্দন জনাই তেওৰ কামৰ জৰিয়তে বহৰিৰ নাম উজলাই তুলিব বুলি আশা কৰে।

প্ৰয়াত কমলেশ্বৰ শৰ্মাৰ পুত্ৰ তথা বহৰিৰ সু সন্তান সঞ্জীৱ কুমাৰ শৰ্মাৰ নিষ্ঠা , একাগ্ৰতা আৰু সততাৰ বাবেই দেশমাতৃক সেৱা কৰাৰ সুবিধা লাভ কৰিছে স্থানীয় ৰাইজে মত পোষণ কৰিছে।

লগতে পঢ়ক : WATCH | Massive fire breaks out: শিৱসাগৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড