Local, Vocal, Global

WATCH | Barpeta News : বহৰি গাঁও পঞ্চায়তৰ দিপালী বৰ্মন মালোদাসৰ বিৰুদ্ধে উঠিছে নির্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ

বৰপেটা,৬মে’ : বহৰি গাঁও পঞ্চায়তৰ দিপালী বৰ্মন মালোদাসৰ বিৰুদ্ধে উঠিছে নির্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ। ৮০ নং বহৰি গাঁও পঞ্চায়তৰ ১০নং ওৱাটৰ পাৰ্থি। স্থানীয় সচেতন নাগৰিকে বৰপেটাৰ জিলা আয়ুক্ত মহোদয়লৈ লিখিত অভিযোগ কৰাৰ পিছতো এতিয়ালৈকে বাহাল আছে নমিনেচন। কিন্তু কিয় ?

বৰপেটা জিলাৰ অন্তৰ্গত বহৰি গাঁও পঞ্চায়তৰ আসন্ন নিৰ্বাচনত সদস্য পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰিছে এগৰাকী , তিনি সন্তানৰ মাতৃ দিপালী বর্মন মালোদাস। স্থানীয় জনতাৰ মাজত যথেষ্ট প্ৰশ্ন দিপালী আজি গাঁৱৰ বদনাম সামাজিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে। কিন্তু তেওঁ এতিয়া বিতৰ্কৰ মুখামুখি হৈছে(Barpeta News)।

সাম্প্ৰতিক সময়ত অঞ্চলটোৰ বিভিন্ন ভোটাৰ তথা সচেতন নাগৰিকে দিপালী মালোদাসৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ অভিযোগ উত্থাপন কৰিছে। আইন সকলোৰে বাবে সমান হ’ব লাগে। এতিয়া কথাটো হ’ল জিলা আয়ুক্তই কি ব্যৱস্থা লয় সেয়া সময়ত লক্ষ্যনীয় হ’ব।

লগতে পঢ়ক : WATCH | Panchayat Election : সোমবাৰে অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান