WATCH | Barpeta News : ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ বিশাল বাইক ৰেলি
বৰপেটা,৫মে’ : ১৯ নং হৰিপুৰ জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী হাইদৰ আলী আহমেদৰ বিশাল বাইক ৰেলি।
হাইদৰ আলী আহমেদৰ নেতৃত্বত আজি হৰিপুৰত এখন প্ৰচণ্ড উত্তেজনাপূৰ্ণ আৰু বৃহৎ বাইক ৰেলি অনুষ্ঠিত হয়। শ শ বাইক আৰোহীৰ অংশগ্ৰহণত অনুষ্ঠিত এই ৰেলিয়ে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে(Barpeta News)।
হাইদৰ আলী আহমেদে ৰাইজৰ সন্মুখত প্ৰতিশ্ৰুতি দিয়ে যে, তেওঁ যদি নিৰ্বাচিত হয়, তেন্তে অঞ্চলৰ সকলো উন্নয়নমূলক কামৰ ক্ষেত্ৰত ন্যায়, স্বচ্ছতা আৰু জনসেৱাৰ মূলনীতি আঁকোৱালি লৈ আগবাঢ়িব। তেওঁ কয়, “মই ৰাইজৰ সন্তান, ৰাইজৰ সতে থাকিম, আৰু ৰাইজৰ হকে কাম কৰিম।”
ৰেলিৰ সময়ত দেখা যায় যে গাঁও গাঁওৰ ৰাইজ হাইদৰ আলি আহমেদৰ সৈতে সংহতি প্ৰকাশ কৰি ওলাই আহিছে। তেওঁ ৰাইজক আহ্বান জনাই কয় — “অন্তৰৰ পৰা যি ফুল ৰাইজৰ মনত, সেই পদুম ফুলত ভোট দিয়ক।”