Local, Vocal, Global

Barpeta News:৩ নৱেম্বৰৰ পৰা সন্ধানহীন বৰপেটাৰ ভেল্লা গাঁৱৰ তালেব আলী

বৰপেটা,১৯ডিচেম্বৰ : বৰপেটাৰ ভেল্লা গাঁৱৰ এজন যুৱকক এটা অট্টালিকাত আৱদ্ধ কৰি খুটাত বান্ধি চলাই গৈছে অমানুষিক নিৰ্যাতন ।

অট্টালিকাৰ চাদৰ খুটা এটাত উলংগ কৰি ৰচীৰে বান্ধি দেহত লাঠিৰে চলাই গৈছে উপৰ্যুপৰি আক্ৰমণ(Barpeta News)।

লাঠিৰে কৰা প্ৰহাৰত মুমূর্ষু প্ৰায় অৱস্থা যুৱকজনৰ। শৰীৰৰ সৰ্বত্ৰ অমানুষিক নিৰ্যাতনৰ পিচতো মুখেৰে মাতিব নোৱাৰে যুৱকজনে। কাৰণ যুৱকজনৰ মুখত দি থৈছে কাপোৰৰ সোপা ।

অপহৰণকাৰীৰ কবলত পৰি এইদৰে চৰম নিৰ্যাতনৰ বলি হৈ বিগত ডেৰ মাহ ধৰি ৰহস্যজনক ভাবে সন্ধানহীন হৈ থকা এই যুৱকজন বৰপেটাৰ ভেল্লা গাঁৱৰ তালেব আলী ওৰফে ৰাজা তালেব।

ভেল্লাৰ পৰা গুৱাহাটীৰ লৈ বুলি ওলাই যোৱা যুৱকজনক গুৱাহাটী লাল মাটিৰ পৰা একে গাঁৱৰে দুই বন্ধু ক্ৰমে ভেল্লা গাৱৰ ইদুল আলী আৰু ৰুবুল আলীৰ লগতে নগাওঁৰ জোন আলীয়ে মনিপুৰলৈ ফুৰাবলৈ বুলি লৈ গৈছিল। তিনি বন্ধুৰ সৈতে মনিপুৰলৈ ফুৰিবলৈ গৈ ৰহস্যজনক ভাৱে ৰাজা তালেব সন্মুখীন হ’ল ভয়ংকৰ পৰিস্থিতিৰ।

ৰাজা তালেবৰ মাতৃয়ে জনোৱা মতে,১ নৱেম্বৰত মণিপুৰলৈ ফুৰিবলৈ যোৱা ৰাজা তালেবে ৩ নৱেম্বৰত মাতৃলৈ ফোন কৰি জনাইছিল তেওঁক আৱদ্ধ কৰি ৰখাৰ কথা ।

ইপিনে কোনো লোকে 93651-86684 আৰু 60018-28860 নম্বৰৰ পৰা মোবাইল ফোনযোগে ৰাজাৰ মুক্তিৰ বিনিময়ত মাতৃক দাবী কৰিছিল ২০ লাখ টকা।

কিন্তু দুখীয়া পৰিয়ালটোৱে কোনোপধ্যেই ২০ লাখ টকা যোগাৰ কৰিব নোৱাৰিলে। ফলত এতিয়ালৈকে সন্ধানহীন ৰাজা তালেবৰ।

ইপিনে ৰাজা তালেবক মনিপুৰলৈ লৈ যোৱা তিনি বন্ধু মুকলিকৈ ঘুৰি আছে যদিও আৰক্ষীয়ে এতিয়ালৈকে কোনো তদন্ত চলোৱা নাই বুলি অভিযোগ তুলিছে ৰাজা তালেবৰ মাতৃয়ে।

আনকি আৰক্ষীক গোচৰ দিবলৈ যোৱা বিধবা মাতৃ গৰাকীয়ে হাৰাশাস্তিৰহে সন্মুখীন হবলগীয়া হৈছে।বিশেষকৈ বৰপেটা আৰক্ষীয়ে গুৱাহাটী আৰক্ষীক গোচৰ দিবলৈ পৰামৰ্শ দিয়াৰ বিপৰীতে গুৱাহাটী আৰক্ষীয়ে বৰপেটা সদৰ থানাত গোচৰ দিবলৈ কৈ ওভতাই পঠাইছে । এনেদৰেই নীতি নিয়মৰ অজুহাতত যুৱকজনক উদ্ধাৰৰ ক্ষেত্ৰত আৰক্ষীয়ে কোনে গুৰুত্ব নিদিয়াৰ অভিযোগ পৰিয়ালটোৰ লগতে ভেল্লাৰ দল সংগঠন সমূহৰ ।

উপায়হীন হৈ অৱশেষত বিধবা মাতৃ আৰু পত্নীয়ে দুটি কণমানি সন্তানৰ মুখলৈ চাই ৰাজা তালেবক উদ্ধাৰ কৰি আনিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰ আহ্বান জনাইছে।

দুটি সন্তানৰ পিতৃ ৰাজা তালেবৰ এই ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে ঘৰখনত সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ ।

লগতে পঢ়ক:Nagaon News:চামগুৰি আৰক্ষী থানাৰ সন্মুখত এজন গো-পালকৰ চকুত চকুলো