Local, Vocal, Global

জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত বৰপেটাৰ মাদ্ৰাছাত উচ্ছেদ

নিউজ ডেস্ক, ২৯ আগষ্ট : বৰপেটা জিলা প্ৰশাসনে সোমবাৰে জেহাদী কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগত এখন মাদ্ৰাছা ভাঙি পেলাই।

অসমৰ বৰপেটা জিলাৰ শ্বেখ হিন্দ মাহমুদুল হাছান জামিউল হুদা মাদ্ৰাছাখন জিলা কৰ্তৃপক্ষই ভাঙি পেলাই।

মাদ্ৰাছাখন বৰপেটাৰ যোশীহাটাপাৰা অঞ্চলত অৱস্থিত আছিল। অভিযোগ অনুসৰি ইয়াক ভাৰতীয় উপমহাদেশত আল-কায়েদা ( AQIS) আৰু আনছাৰুল্লাহ বাংলা দল (ABT)কে ধৰি নিষিদ্ধ সংগঠনসমূহৰ সৈতে সম্পৰ্কিত কৰা হৈছিল।

উল্লেখ্য যে ২০১৯ চনত বৰপেটাত মাদ্ৰাছা স্থাপনৰ আঁৰত এবিটিৰ সৈতে সম্পৰ্ক থকা চাইফুল ইছলাম ওৰফে হাৰুণ ৰছিদ ওৰফে মহম্মদ সুমন নামৰ এজন বাংলাদেশী নাগৰিক আছিল।

তেওঁক যোৱা মাহত অসম আৰক্ষীয়ে ৰাজ্যখনৈ জেহাদী কঢ়িয়াই অনাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল।

বৰপেটাৰ SP অমিতাভ সিঙে শনিবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰি উল্লেখ কৰিছিল যে মাদ্ৰাছাখন ABT ৰ সৈতে সম্পৰ্ক আছে।