Local, Vocal, Global

Watch | Barkshetri tradition of Daul festival: বৰক্ষেত্ৰীত শ- শ বছৰ পুৰণি দৌল উৎসৱৰ পৰম্পৰা অব্যাহত

নলবাৰী: বৰপেটা সত্ৰৰ অন্তৰ্ভূক্ত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ জয়সাগৰত শ- শ বছৰ ধৰি পৰম্পৰাগতভাৱে দৌল উৎসৱ পালন কৰি আহিছে সমূহ গাওঁবাসীয়ে।জয়সাগৰবাসীয়ে পৰম্পৰাগতভাৱে এই উৎসৱ তিনিদিনীয়াকৈ পালন কৰি আহিছে। দৌলৎসৱ উপলক্ষে প্ৰথম দিনটোত হোমাগ্নি প্ৰজ্বলিত কৰি অগ্নি দেৱতাক পূজা অৰ্চনা কৰা হয়। পিছত সমূহ ৰাইজে মিলি ভেলাঘৰত অগ্নি সংযোগ কৰে আৰু পূৰ্বাপৰ ৰীতি অনুসৰি আটচবাজী প্ৰদৰ্শণ কৰা হয়। এই পৰম্পৰাক “দৌলৰ গন্ধ” নামেৰে জনা যায়। এই উৎসৱত প্ৰতিঘৰ লোকে খৰি খেৰ প্ৰদান কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে। দ্বিতীয় দিনা মহাপ্ৰভুক সমগ্র গাঁওত প্ৰদক্ষিণ কৰোৱা হয়। তৃতীয় দিনা সুৱেৰি উৎসৱ পালন কৰা হয়। ফাকুৱা খেল এই দিনটোৰ বিশেষ তাৎপৰ্যপূৰ্ণ উৎসৱ হিচাপে পৰিচিত। “মহাপ্ৰভূৰ ভোগ” প্ৰদান কৰাৰ প্ৰথাও প্ৰচলিত হৈ আহিছে অঞ্চলটোত।

উল্লেখ্য যে “জয়সাগৰ” নামটোৰ উৎপত্তিৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ নামনি অসমত পদাৰ্পনৰ লগত জড়িত। জনশ্ৰুতি অনুসৰি আহোম ৰজাৰ ৰোষত পৰি শঙ্কৰদেৱে উজনি অসম এৰি নামনি অসমত প্ৰৱেশ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ অনুগামী শিষ্যসকলৰ লগত সেই সময়ত বৃহৎ আকাৰৰ চাউলখোৱা নদী পাৰ হৈ ওখ ঠাই এডোখৰত জিৰণি লয় আৰু সাগৰসদৃশ নৈখনি পাৰ হৈয়েই সাগৰ জয় কৰিলোঁ বুলি স্বস্তিৰ নিশ্বাস পেলাই “জয়সাগৰ’ বুলি কোৱাৰ পাছৰ পৰাই ঠাইডোখৰ জয়সাগৰ নামেৰে পৰিচিতি হয়।