Local, Vocal, Global

Barking Deer Rescued of Tinsukia : আঘাতপ্ৰাপ্ত পহুক উদ্ধাৰ বাৰেকুৰি অঞ্চলৰ বৰগাঁৱত

নিউজ ডেস্ক,৯জুলাই : ৰাজ্যত বানৰ সংহাৰী ৰূপৰ ৷ বাঢ়নী পানীৰ কোবাল সোঁতে কৰবাত যদি বন্যপ্ৰাণীক উটুৱাই নিছে, কৰবাত আকৌ মৃত্যুমুখলৈ ঠেলি দিছে ৷

জানিব পৰা মতে, বাৰেকুৰি অঞ্চলৰ বৰগাঁৱত বিগত কিছুমাহৰ পৰা দুটাকৈ ছাগলী পহুৱে বিচৰণ কৰি ফুৰিছিল ৷ কিছুদিনৰ পাচত গাঁওবাসীয়ে প্ৰত্যক্ষ কৰিছিল পহু দুটা ৷ পহু দুটা গাঁওবাসীয়ে প্ৰত্যক্ষ কৰাৰ পাচতে সকলোৱে পহু দুটাক সংৰক্ষণ কৰাৰ লগতে কোনেও যাতে হত্যা কৰিব নোৱাৰে সেয়া নামঘৰত ৰাজহুৱাকৈ ঘোষণা কৰে আৰু সকলোৱে পৰ্যাপ্ত পৰিমাণে যতন লয় পহু দুটাক(Barking Deer Rescued of Tinsukia) ৷

দুৰ্ভাগ্যজনিত বিষয় যে, সোমবাৰে এটা পহুৰ শিং এখন ফেন্সিঙত লাগি ধৰে আৰু পহুটোক কুকুৰেও কামুৰি আঘাতপ্ৰাপ্ত কৰে ৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি স্থানীয় এজন লোকে কুকুৰৰ পৰা ৰক্ষা কৰি পহুটো উদ্ধাৰ কৰি ঘৰলৈ লৈ আহে ৷ প্ৰথমে লোকজনে গাঁওবাসীৰ সহযোগত ঘৰতে প্ৰাথমিক চিকিৎসা পহুটোক প্ৰদান কৰে আৰু পৰৱৰ্তী সময়ত পশু চিকিৎসকৰ জৰিয়তে চিকিৎসা প্ৰদান কৰে পহুটোক ৷

ঘৰতেই পহুটোক চিকিৎসা কৰাৰ সমান্তৰালভাৱে গাঁৱৰ ৰাইজে বন বিভাগক সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে অৱগত কৰিছে ৷ কিন্তু গাঁওবাসীয়ে অতি মৰমেৰে ৰখা পহুটো বন বিভাগে চিকিৎসা কৰিবলৈ নিলেও কোনো বনাঞ্চলত মুকলি নকৰি পুনৰ বৰগাঁৱতে মুকলি কৰি দিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : Chinese LPG cylinder recovered in Jonai : জোনাইত বিৰল আকৃতিৰ গেছ চিলিণ্ডাৰ সদৃশ সামগ্ৰী উদ্ধাৰ