barak brahmaputra train services suspended due to heavy rains : প্ৰৱল বৃষ্টিপাতৰ বাবে অনিৰ্দিষ্টকাললৈ বন্ধ বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ ৰে’ল সেৱা
নিউজ ডেস্ক, ২মে’ : ৰুষ্ট প্ৰকৃতি, বিপৰ্যস্ত জনজীৱন ! বিগত দুদিন ধৰি হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত বৰাক উপত্যকাত ভালেকেইটাত অংশ সংঘটিত হয় ভূমিস্খলন । যাৰ ফলত বৰাক উপত্যকাত বিভিন্ন অঞ্চলত যাতায়াতৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে ৷ প্ৰবল বৰষুণে প্ৰভাৱ পেলাইছে ৰে’ল যাত্ৰাতো ৷ অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে বৰাক-ব্ৰহ্মপুত্ৰৰ মাজৰ ৰে’ল সেৱা(barak brahmaputra train services suspended due to heavy rains) ৷
ভূমিস্খলনৰ সমান্তৰালকৈ বৰষুণৰ পানী ৰে’লপথৰ ওপৰেৰে বাগৰি অহাত ক্ষতিগ্ৰস্ত হৈ পৰিছে ৰে’লপথ সমূহ ৷ সেয়েহে এই পথসমূহত চলিবলগীয়া কেইবাখনো ৰে’লৰ যাত্ৰা বাতিল কৰা হোৱা বুলি ৰে’ল বিভাগে জানিবলৈ দিছে ৷
তথ্য অনুসৰি, নিউ জাতিংগা লামপুৰ আৰু নিউ হাৰেংগাজাওৰ মধ্যৱৰ্তী 110/7 কিল’মিটাৰ অংশৰ ৰে’লপথত পাহাৰৰ পৰা খহি অহা মাটিয়ে আৱদ্ধ কৰি ৰাখিছে ৷ তদুপৰি লামডিং-শিলচৰ সংযোগী 116/117 কিল’মিটাৰ অংশ ৰে’লপথৰ ব্যাপক ক্ষতি হোৱাৰ লগতে পাহাৰীয়া পথটোৰ 14 নম্বৰ টানেলত পানী জমা হয় ৷ যাৰ বাবে সকলো প্ৰকাৰৰ যাত্ৰীবাহী ৰে’লৰ সময়সূচী অনিৰ্দিষ্টকাললৈ স্থগিত কৰিবলগীয়া হৈছে বিভাগে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বেও লামডিং-শিলচৰ ব্ৰডগজ ৰে’লপথত এখন মালবাহী ৰে’ল লাইনচ্যুত হোৱাৰ বাবে চলাচল অনিৰ্দিষ্টকাললৈ বন্ধ ৰাখিবলগীয়া হৈছিল । হাৰেংগাজাও আৰু জাতিংগা লামপুৰ ষ্টেচনৰ মাজত 110 কিল’মিটাৰ এলেকাত বদৰপুৰৰ পৰা লামডিং অভিমুখে যোৱা এখন মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত হোৱাৰ ফলতে এই আহুকালৰ সন্মুখীন হৈছিল ৰে’ল যাত্ৰীসকল । উক্ত ঘটনাত আৱদ্ধ হৈ পৰিছিল প্ৰায় চাৰিখনকৈ ৰে’লৰ যাত্ৰী ৷
লগতে পঢ়ক : A captivating view of Birds : শ-শ দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ কলৰৱেৰে মুখৰ জামুগুৰিহাটৰ কন্যকা কৃষিপাম