Banned Militant Group Members Apprehended In Imphal West District : চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ চাৰিজনকৈ উগ্ৰপন্থী

নিউজ ডেস্ক,২৮মাৰ্চ : চুবুৰীয়া ৰাজ্য মণিপুৰত উগ্ৰপন্থী বিৰোধী অভিযান আৰক্ষীৰ। অভিযানত গ্ৰেপ্তাৰ চাৰিজনকৈ উগ্ৰপন্থী(Banned Militant Group Members Apprehended In Imphal West District) ।
বুধবাৰে চুবুৰীয়া ৰাজ্য মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ আইভি ৰোডত আৰক্ষীয়ে অভিযান চলাই । অভিযানত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইউ এন এল এফৰ চাৰিজন উগ্ৰপন্থীক।
ধৃত উগ্ৰপন্থী কেইজন চালাম ৰমেশ্বৰ সিং (৪৮), টংব্ৰম জ্ঞানজিৎ সিং উৰফে চিংলেন ছানা (৩৯), পুখৰেম ইংগোচা সিং (৪০) আৰু থকচোম টেম্বা ওৰফে ৱাখেইবা (৫০ ) ।
লগতে আৰক্ষীয়ে উগ্ৰপন্থী কেইজনৰ পৰা জব্দ কৰে – ৩ টা এছ এল আৰ ৰাইফল, ৪ টা খালী মেগজিন, ২০ ৰাউণ্ড সতেজ গুলি, ৭ টা মোবাইল ফোন, ১ টা ৱাকি টকি চেট, ২খন বাহন সহ অন্যান্য সামগ্ৰী। বিষ্ণুপুৰ জিলাৰ মইৰাং থোয়াৰ পৰা ট্ৰংলাওবিলৈ গৈ থকা সময়ত গ্ৰেপ্তাৰ কৰা হয় উগ্ৰপন্থী চাৰিজনক(Banned Militant Group Members Apprehended In Imphal West District, Arms And Ammunition Seized)।