Local, Vocal, Global

Bangladeshi woman married to a man in Doboka : প্ৰথমে বাংলাদেশী যুৱতীক বিয়া; তাৰ পিছত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ, পেনকাৰ্ড, বেংক একাউণ্ট প্ৰস্তুত

নিউজ ডেস্ক,১২জুন : বাংলাদেশী যুৱতীক বিয়া পাতি ৰঙা ঘৰৰ আলহী হ’ল হোজাইৰ যুৱক। বাংলাদেশৰ যুৱতীক বিয়া পাতি ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ লগতে আধাৰ, পেনকাৰ্ড, বেংক একাউণ্টো প্ৰস্তুত কৰি দিয়াৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ।হোজাই জিলাৰ মোৰাঝাৰ আব্দুল বাতেন চৌধুৰী যুৱকজনৰ ওপৰত উঠিছে এই গুৰুতৰ অভিযোগ ৷

অভিযোগ অনুসৰি, বাংলাদেশী যুৱতীগৰাকীক ছৌদি আৰবত বিয়া পাতিছিল আব্দুল বাতেনে ৷ ২০২০ চনত বাংলাদেশৰ পৰা আগৰতলা হৈ অবৈধভাৱে আব্দুল বাতেনৰ সহযোগত ভাৰতত প্ৰৱেশ কৰিছিল ৰীনা আখতাৰ নামৰ বাংলাদেশী যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকী বাংলাদেশৰ চাঁদপুৰ জিলাৰ হাইমচৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে(Bangladeshi woman married to a man in Doboka)৷

লকডাউনৰ সময়তেই ৰীনা আখতাৰে হাজিৰা বেগম নাম লৈ ভাৰতীয় ভোটাৰ কাৰ্ড, আধাৰকাৰ্ড, পানকাৰ্ড, স্কুল চাৰ্টিফিকেট, বেংক পাচবুক আদি প্ৰস্তুত কৰিছিল বুলি মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শশধৰ কলিতাই সাংবাদিকক জানিবলৈ দিয়ে৷

মোৰাঝাৰৰ ২নং শিৱপুৰ গাঁৱৰ আব্দুল বাতেনৰ ঘৰতে থাকি নথিপত্ৰ প্ৰস্তুত কৰি পুনৰ বাংলাদেশলৈ উভতি গৈছিল যুৱতীগৰাকী৷ ইফালে চলিত বছৰৰ ১৯ জানুৱাৰীত বাংলাদেশৰ পাছপ’ৰ্ট লৈ পুনৰ হোজাইৰ মোৰাঝাৰৰ আব্দুল বাতেন চৌধুৰীৰ ঘৰলৈ আহে বাংলাদেশী যুৱতীগৰাকী ৷

পিছে ২১ জানুৱাৰীৰ মাজনিশা বাতেনৰ ঘৰতে যুৱতীগৰাকীক হাত-ভৰি বান্ধি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠে৷ খবৰ পাই মোৰাঝাৰ থানাৰ আৰক্ষীয়ে যুৱতীগৰাকীক অন্য এগৰাকী বাংলাদেশী আত্মীয়সহ আব্দুল বাতেনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে। তাৰ পিছতেই বিদেশলৈ পলায়ন কৰিছিল বাতেন। অৱশেষত সোমবাৰে মোৰাঝাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় যুৱকজন।

লগতে পঢ়ক : Chandrababu Naidu takes oath as CM for 4th term : চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে চন্দ্ৰবাবু নাইডুৱে