Local, Vocal, Global

Bangladeshi Smuggler Killed In BSF Firing : ভাৰত-বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি;এছ এফ জোৱান গুলীত নিহত বাংলাদেশী সৰবৰাহকাৰী

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ আগষ্ট : ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ কিন্তু নিৰাপত্তাকো নেওচি দেশখনৰ বহুলোকে ভাৰতত প্ৰৱেশৰ বাবে চেষ্টা অব্যাহত ৰাখিছে(Bangladeshi Smuggler Killed In BSF Firing) ৷

সোমবাৰে বি এছ এফৰ এক বিবৃতিযোগে জনোৱা অনুসৰি, পশ্চিম বংগৰ মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে গুলীচালনা কৰাৰ ফলত এজন বাংলাদেশী সৰবৰাহকাৰী নিহত হয় ।

বি এছ এফে এক বিবৃতিযোগে জনোৱা অনুসৰি, “১১-১২ আগষ্টৰ মাজনিশা মালদা জিলাৰ ভাৰত-বাংলা সীমান্তত চান্দনী চ’ক সীমান্ত আউটপোষ্টৰ সমীপত সংঘটিত হয় এই ঘটনাটো । অঞ্চলটোত টহল দি থকা এজন বি এছ এফৰ জোৱানে ভাৰতৰ ফালৰ পৰা বাংলাদেশ অভিমুখে মূৰত সামগ্ৰী কঢ়িয়াই যোৱা ৫-৬ জন ব্যক্তিক পৰ্যবেক্ষণ কৰে । জোৱানজনে দ্ৰুতগতিত তেওঁলোকক বাধা দিবলৈ যত্ন কৰে আৰু চোৰাংচোৱাকেইজনক ৰ’বলৈ কয় । জোৱানৰ নিৰ্দেশক আওকাণ কৰি আন এটা চোৰাংচোৱাৰ দলে চোকা অস্ত্ৰৰে জোৱানক আক্ৰমণ কৰে আৰু আত্মৰক্ষাৰ স্বাৰ্থত জোৱানজনে ২ জাঁই গুলী নিক্ষেপ কৰে ৷”

গুলীচালনাৰ পিছত দুস্কৃতিকাৰীয়ে আন্ধাৰ আৰু জোপোহাৰ সহায়ত পুনৰ ভাৰত সীমান্তৰ ফালে পলায়ন কৰে । এজন বাংলাদেশী চোৰাংচোৱাক আহত অৱস্থাত উদ্ধাৰ কৰি চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে । মৃত লোকজন বাংলাদেশৰ চাপাই নবাৱগঞ্জ জিলাৰ ঋষিপাৰা গাঁৱৰ আব্দুল্লা বুলি চিনাক্ত কৰা হৈছে(Amid Massive Crisis, Bangladeshi Smuggler Killed In BSF Firing)।

লগতে পঢ়ক : New Born Baby Rescued in Jorhat : যোৰহাটৰ DCB কলেজৰ ছাত্ৰী হোষ্টেলৰ কাষত উদ্ধাৰ নৱজাতক