Local, Vocal, Global

Bangladeshi nationals apprehended : অসম আৰক্ষীৰ জালত ৪ বাংলাদেশী নাগৰিক

নিউজ ডেস্ক,২০আগষ্ট : অসমক আটক ৪জনকৈ বাংলাদেশী নাগৰিকক । অসম আৰক্ষীয়ে আটক কৰে লোককেইজনক । অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আৰু ধুবুৰীত এগৰাকী বাংলাদেশী মহিলাক আটক কৰে । আটক কৰা বাংলাদেশী নাগৰিককেইজনক বাংলাদেশ কৰ্তৃপক্ষক ঘূৰাই দিয়া হয় (Assam Police push back four Bangladesh infiltrators in two separate incidents)।

মঙলবাৰে পুৱা এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত কয়, “কালি নিশাৰ কথা ৷ অসম আৰক্ষীয়ে ধুবুৰীত আটক কৰা ঢাকা ডিভিজনৰ লিপি আখতাৰক বাংলাদেশ কৰ্তৃপক্ষক ঘূৰাই দিয়া হয় । অনুসন্ধানত প্ৰকাশ পাইছে যে লিপি আখতাৰে ২৪ ঘণ্টাতকৈ অধিক কাল বাছ আৰু নাৱেৰে যাত্ৰা কৰাৰ পাছত ১৮ আগষ্টৰ পুৱতি নিশা দক্ষিণ শালমাৰাৰ সুখচৰত খোজকাঢ়ি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল । সুখচৰৰ এটা ঘৰত আশ্ৰয় লোৱাৰ অন্তত নাৱেৰে ধুবুৰীলৈ গৈছিল, য’ত অসম আৰক্ষীৰ হাতত ধৰা পৰে ৷”

তেওঁ লগতে কয়, “আকৌ যোৱা নিশা অসম আৰক্ষীয়ে ত্ৰিপুৰা হৈ ভাৰতত প্ৰৱেশ কৰা তিনিজন বাংলাদেশী নাগৰিকক আটক কৰে । লোককেইজন হৈছে ৰাজশ্বাহী জিলাৰ আখিলা গাঁৱৰ আব্দুল আদুদৰ পুত্ৰ আবু ছাইদ, ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ প্ৰয়াত আতাবুৰ ৰহমানৰ পুত্ৰ আছাদুল ইছলাম আৰু ৰাজশ্বাহী জিলাৰ গোদাগৰী গাঁৱৰ সতাবুৰ ৰহমানৰ পুত্ৰ মহম্মদ সৰৱাৰ । তেওঁলোকে চেন্নাইলৈ যোৱাৰ উদ্দেশ্য লৈছিল । অসম আৰক্ষীৰ প্ৰচেষ্টাত তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিওৱা হয়(Bangladeshi nationals apprehended)।”

লগতে পঢ়ক :Huge quantity of drugs and intoxicating tablets seized : অসম-নাগালেণ্ড সীমান্তত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী;আটক দুজন