Local, Vocal, Global

Bangladesh Train Collision : ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; মৃত্যু ১৭জনৰ,আহত১০০ৰো অধিক

নেশ্যনেল ডেস্ক, ২৪অক্টোবৰ : ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত ফলত মৃত্যু হোৱা যাত্ৰীৰ সংখ্যা বৃদ্ধি(Bangladesh Train Collision)। জানিব পৰা মতে, ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ ফলত মৃতকৰ সংখ্যা ১৭জনলৈ বৃদ্ধি পোৱাৰ লগতে আহতৰ সংখ্যা ১০০ৰো অধিক(Electric Train Derails at Avadi Station in Chennai) ।

উল্লেখ্য যে , পূজাৰ আনন্দ উল্লাহৰ মাজতে সোমবাৰে নিশা সংঘটিত হৈছিল ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো। বাংলাদেশত সংঘটিত হৈছে এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটো।ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ নিলগৰ ভৈৰৱত এখন পেছেঞ্জাৰ ৰে’লৰ সৈতে সংঘৰ্ষ হয় এখন মালগাড়ীৰ। ঢাকা অভিমুখী গোধূলি এক্সপ্ৰেছ গাড়ীখনে চট্টোগ্ৰাম অভিমুখী এখন মালবাহী ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষত হয়। যাৰ ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ।

এই দুৰ্ঘটনাৰ ফলত ১৭জনকৈ লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে । আনহাতে, বহু লোক আহত হয়। আৰক্ষীৰ মতে, মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে(At least 17 dead, over 100 injured in Bangladesh train collision) ।

দুৰ্ঘটনাৰ পিছতে দেশৰ অন্যান্য প্ৰান্তলৈ যোৱা ৰেল সেৱা বন্ধ কৰি দিয়া হৈছে । এই দুৰ্ঘটনাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ লগতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।

ভৈৰৱ অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া মোশ্বাৰফ হোছেইনে দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে(17 killed, several injured in train accident in Bangladesh)।

লগতে পঢ়ক : Kejriwal’s clarion call to oust BJP in 2024 : আন দলৰ ৰাজনীতিবিদসকলক গুণ্ডামি কৰা দেখা যায়, কিন্তু আপৰ ৰাজনীতিবিদসকলক নম্ৰ -দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল