Bangladesh Chief Justice resigns : বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগ

নিউজ ডেস্ক,১১আগষ্ট : অব্যাহত আছে বাংলাদেশত হিংসাত্মক ঘটনা ৷ শনিবাৰ পুনৰ ঢাকা উচ্চতম ন্যায়ালয় ঘেৰাও কৰে প্ৰতিবাদ কৰে প্ৰতিবাদকাৰীসকলে ৷উচ্চতম ন্যায়ালয় ঘেৰাও কৰি প্ৰতিবাদকাৰীসকলে মুখ্য ন্যায়াধীশকসহ সকলো ন্যায়াধীশক পদত্যাগৰ দাবী উত্থাপন কৰে ৷ উক্ত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত দেশখনৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানে পদত্যাগ কৰে ৷ দেশখনৰ মুখ্য ন্যায়াধীশৰ লগতে দেশখনৰ ৩জন ন্যায়াধীশেও পদত্যাগ কৰিছে(Bangladesh Chief Justice resigns)।
এই প্ৰতিবাদকাৰী সকলৰ মাজত অধিকাংশই ছাত্ৰ-ছাত্ৰী ৷
প্ৰকাশিত বাতৰি অনুসৰি ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ ফলত আদালতৰ নিৰ্ধাৰিত বৈঠকো বাতিল কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে উচ্চতম ন্যায়ালয় ঘেৰাও কৰি মুখ্য ন্যায়াধীশক পদৰ পৰা পদত্যাগ কৰিবলৈ এঘণ্টাৰ সময় বান্ধি দিছিল(Bangladesh chief justice quits after siege outside court) ৷
উল্লেখ্য যে, দেশখনৰ আইন, ন্যায় আৰু সংসদীয় পৰিক্ৰমা উপদেষ্টা প্ৰফেচাৰ আছিফ নজকলে সামাজিক মাধ্যম যোগে আইন মন্ত্র্যালয়ে মুখ্য ন্যায়াধীশগৰাকীৰ পদত্যাগ পত্র লাভ কৰা বুলি প্রকাশ কৰিছে। তেওঁ লগতে পদত্যাগ পত্রখন প্রয়োজনীয় ব্যৱস্থাৰ বাবে ততালিকে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিছে। ইয়াৰ পূর্বে অবেইদুল হাছানে মুখ্য ন্যায়াধীশৰ পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল।
আনহাতে,অন্তৱৰ্তীকালীন চৰকাৰৰ আইনী উপদেষ্টা আছিফ নজৰুলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ওবাইদুল হাছানক লৈ বহু বিতৰ্কৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে ৷ অভিযোগ অনুসৰি আইনী উপদেষ্টাগৰাকী বহিঃৰাজ্যলৈ যোৱাৰ সময়ত ওবাইদুল হাছান আৱামী লীগৰ নেতাৰ ঘৰত আছিল ৷ একে সময়তে অন্তৱৰ্তীকালীন চৰকাৰৰ ক্ৰীড়া মন্ত্ৰণালয়ৰ উপদেষ্টা আছিফ মাহমুদেও মুখ্য ন্যায়াধীশগৰাকীৰ বিনাচৰ্তে পদত্যাগ কৰিবলৈ বিচাৰিছে ৷
দ্য ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি উচ্চতম ন্যায়ালয় কমপ্লেক্সত মুখ্য ন্যায়াধীশ হাছানে সাংবাদিকৰ আগত কয় যে শেহতীয়া পৰিস্থিতিৰ মাজতে দেশখনৰ উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় আৰু নিম্ন আদালতৰ ন্যায়াধীশসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি পদত্যাগৰ সিদ্ধান্ত লোৱা হৈছে ৷ পদত্যাগৰ বাবে কিছু আনুষ্ঠানিকতা থকা বুলিও তেওঁ জানিবলৈ দিয়ে ৷ সেইসমূহ সম্পূৰ্ণ কৰাৰ পিছত শনিবাৰে সন্ধিয়াৰ ভিতৰত ন্যায়াধীশসকলে ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব ৷ উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলেও পদত্যাগ কৰিব নেকি বুলি সোধাত মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে, সেয়া তেওঁলোকৰ ব্যক্তিগত সিদ্ধান্ত ৷
লগতে পঢ়ক : Anantnag Encounter: জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ;সংঘৰ্ষত শ্বহীদ হ’ল ২ ভাৰতীয় সেনা