Banana Flower Benefits : কলডিলৰ আছে বহু আশ্বৰ্যকৰ গুণাগুণ!
কলডিল খাই প্ৰায় সকলো মানুহে ভাল পায় । বহু মানুহৰ প্ৰিয় পাচলি কলডিল । অসমত বসবাস কৰা প্ৰায় সকলো জাতি-জনগোষ্ঠীৰে প্ৰিয় খাদ্য হ’ল কলডিল ৷ কলডিলৰ ভিতৰত ভীমকলৰ কলডিল অতি সুস্বাদু ।
সাধাৰণতে বাৰিষাকালত কলডিল ভালেখিনি ৰসাল আৰু স্বাদযুক্ত হোৱা হেতুকে এই সময়ত ই খোৱাৰ বাবে বেছি উপযোগী হৈ পৰে । ইয়াৰ চাহিদা ক্ৰমে বৃদ্ধি পাবলৈ ধৰাত বজাৰত ইয়াৰ দামো ক্ৰমে বৃদ্ধি পাবলৈ ধৰিছে ৷
কলডিলত প্ৰ’টিন, ফেট, কাৰ্ব’হাইড্ৰেট, ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, আইৰন, কপাৰ, ফছফৰাছ, ভিটামিন-ই, ভিটামিন-এ, ভিটামিন-চি, মিথানল আৰু কেইবাবিধো এণ্টিঅক্সিডেণ্ট। কলডিলত থকা ফ্লেভনইড হ’ল কেৱল গছ-গছনিত থকা উপকাৰী ৰাসায়নিক পদাৰ্থ, যাৰ উপস্থিতি হ’ল মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক অৰ্থাৎ ইমিউনিটী বঢ়োৱাত সহায়ক(Banana Flower Benefits)।
কলডিলৰ আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী জানো আহক-
কলডিল খালে তেজ পৰিষ্কাৰ হয় ।
কলডিল ডায়েবেটিজ ৰোগীৰ বাবে ষথেষ্ট উপকাৰী
কলডিলত থকা আয়ৰণ যথেষ্ট পৰিমাণৰ আয়ৰণ থাকে ই গৰ্ভৱতী মহিলা অতি উত্তম ।
কলডিলত প্ৰচুৰ পৰিমাণৰ আঁহ থাকে আৰু ই কোষ্ঠ-কাঠিন্য ভোগা লোকৰ বাবে উপকাৰী
পেটচলা অথবা গ্ৰহণী সময়ত কলডিলৰ আঞ্জ খালে সুফল পোৱা যায় ।
কলডিল খালে হিম’গ্ল’বিনৰ উন্নতি হয় ।
কলডিলে মাতৃদুগ্ধৰ উতপাদন বৃদ্ধি কৰা দেখা যায় ।
কলডিলত ফাইবাৰ থকা হেতুকে শকত লোকসকলে মেদবহুলতা কমাবলৈ কলডিল খোৱা উচিত।
কলডিলত থকা ভিটামিন-ই আৰু ভিটামিন-চি হ’ল ছালৰ বাবে উপযোগী।
কলডিলত থকা ফাইবাৰ আৰু ফিনলিক এচিড আদি তত্ত্ব থকাৰ বাবে তেজৰ ছুগাৰ নিয়ন্ত্ৰণত সহায়ক হয় বুলি বিজ্ঞানীসকলে মত পোষণ কৰে।
জৰায়ুক কলডিলে সুৰক্ষা দিয়ে বুলি আয়ুৰ্বেদে কয়।
কলডিলে শৰীৰৰ প্ৰজেষ্টৰন হৰমোনৰ লেভেল বঢ়ায়, যাৰ ফলত মাহেকীয়াৰ অতিস্ৰাৱ ৰোধ হয়।
লগতে পঢ়ক :Vitamin deficiency : আপুনি বাৰু উদ্বেগ আৰু চিন্তাত ভুগিছে নেকি ? অন্তৰ্ভুক্ত কৰক এইকেইবিধ ভিটামিন