Local, Vocal, Global

Bajrang Dal Arms training : মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণত জড়িত আন এজনক আটক

নিউজ ডেস্ক, ৫ আগষ্ট : মঙলদৈ কাণ্ডৰ আৰু এজনক গ্ৰেপ্তাৰ (Bajrang Dal Arms training)। ৰাষ্ট্ৰীয় বজৰংগ দলৰ সদস্য ৰাহুল ছেত্ৰীক গ্ৰেপ্তাৰ । শুকুৰবাৰে নিশা নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাহুল ছেত্ৰীক। গ্ৰেপ্তাৰৰ পিছতে মঙলদৈ থানালৈ নিয়া হয় ধৃত ৰাহুলক । মঙলদৈ থানাত জেৰা ৰাহুল ছেত্ৰীক।

উল্লেখ্য যে মঙলদৈস্থিত মহৰ্ষি বিদ্যা মন্দিৰ চৌহদত মুকলিভাৱে ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছিল । এই প্ৰশিক্ষণ শিবিৰৰ দৃশ্য সংবাদ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ লগতে ছচিয়েল মিডিয়াত বিয়পি পৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ইয়াৰ পিছতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে দৰং জিলা আৰক্ষী অধীক্ষকক সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। উক্ত কাৰ্যৰে জড়িত লোকক আটক কৰিবলৈয়ো আৰক্ষী অধীক্ষকগৰাকীক নিৰ্দেশ প্ৰদান কৰিছিল।

কিছুদিন পূৰ্বে বজৰং দলৰ কাৰ্যকৰ্তা অভিজিৎ ঘোষক গ্ৰেপ্তাৰ কৰা হৈছিল । ১২০ জন যুৱকক যোগ শিকাবলৈ স্কুল ব্যৱহাৰৰ অনুমতি লৈ বজৰং দলে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল ৫৫৫ জন যুৱকক।

লগতে পঢ়ক : Bajrang Dal Arms training : প্ৰতিধ্বনি হ’ল ৰাজ্যত! মঙলদৈৰ ৰাজপথতো পিষ্টল লৈ বজৰঙৰ সমদল