Local, Vocal, Global

Bailey Bridge collapsed : ভাঙি পৰিল ‘বেইলী’ দলং ; সন্ধানহীন চালকসহ দুজনকৈ লোক

নেশ্যনেল ডেস্ক,৩০জুন : মণিপুৰত ভয়ংকৰ ঘটনা। ইম্ফল নৈৰ ওপৰত থকা ‘বেইলী’ দলং ভাঙি নৈত বাগৰি পৰিল । ফলত খৰি ভৰ্তি ট্ৰাক পৰিল নৈত ।

ট্ৰাক নৈত পৰাৰ ফলত সন্ধানহীন হ’ল চালকসহ দুজনকৈ লোক।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীৰ SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । SDRF বাহিনীৰ জোৰদাৰ অভিযনাত তিনিজনকৈ লোকক উদ্ধাৰ কৰে যদিও বৰ্তমানেও সন্ধানহীন হৈ আছে চালকসহ দুজনকৈ লোক(Bailey Bridge collapsed) ।

বৰ্তমানেও SDRFয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। বেইলী’ দলং ভাঙি পৰাৰ ফলত পশ্চিম ইম্ফল-থাউবাল জিলাৰ মাজত বিচ্ছিন্ন হৈছে যোগাযোগ ব্যৱস্থা।

লগতে পঢ়ক : Dead body recovered : অসম-মেঘালয় সীমান্তৰ উমচিয়াং নৈত উদ্ধাৰ মৃতদেহ