Local, Vocal, Global

Badruddin Ajmal Controversial Comment on Muslim : মুছলমানক কটাক্ষ বদৰুদ্দিন আজমলৰ; কিন্তু কিয় ?

নগৰবেৰা, ২১অক্টোবৰ : এইবাৰ মুছলমানক কটাক্ষ বদৰুদ্দিন আজমলৰ । কিন্তু কিয় ? যি সময়ত একাংশ নেতা-কৰ্মীয়ে মুছলমানক লৈ ৰাজনীতি কৰি আছে। তেনে সময়তে বদৰুদ্দিন আজমলৰ মুছলমানক লৈ কৰা বিতৰ্কিত মন্তব্যই এতিয়াই ৰাজনৈতিক প্ৰেক্ষাপথত বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে । কিয়নো লোকসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে প্ৰায় সাজু হৈ উঠিছে শাসক বিৰোধী । তুংগ হৈ উঠিছে ৰাজনৈতিক মহল । আক্ৰমণ শাসক বিৰোধীৰ দুয়োপক্ষৰ(Badruddin Ajmal Controversial Comment on Muslim) ।

প্ৰায় বিৰোধী নেতা কৰ্মীৰ মুছলমানক লৈ মন্তব্য কৰা দেখা যায় । মুছলমান লৈ কৰা মন্তব্যৰ প্ৰত্তুত্যৰ দিয়ে সাংসদ বদৰুদ্দিন আজমলে । কিন্তু তেনে সময়তে এইবাৰ বদৰুদ্দিন আজমলে মুছলমানক আক্ৰমণ কৰা দেখা গৈছে ।

উল্লেখ্য যে,শুকুৰবাৰে গোৱালপাৰাত উপস্থিত হয় সাংসদ বদৰুদ্দিন আজমলে। গোৱালপাৰা জিলাৰ দলগোমা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সাংসদ বদৰুদ্দিন আজমল ।এই সভাতেই উপস্থিত থাকি সাংসদ গৰাকীয়ে কেবাটাও দিশত বিতৰ্কিত মন্তব্য কৰে(Badruddin Ajmal Controversial Comment on Muslim) ।

মুছলমানৰ বিৰুদ্ধে নগৰবেৰাত আজমলে কৰিলে বিতৰ্কিত মন্তব্য। আজমলে কয়, ‘‘মুছলমান ল’ৰাৰ কাৰণে ৰাস্তাৰে যাব নোৱাৰে আনৰ ছোৱালী। আনৰ ছোৱালী দেখিলে তেজ গৰম হয় মুছলমানৰ। চুৰি, ডকাইতি, ধৰ্ষণ, লুটপাতত ১ নম্বৰত মুছলমান।’’

ইমানেই নহয়, আজমলে ক’লে জে’লত যোৱাতো ১ নম্বৰত আছে মুছলমান ল’ৰা। মুছলমান ল’ৰাৰ স্কুল যাবলৈ সময় নাই, জুৱা খেলিবলৈ সময় আছে। ঠগ, প্ৰবঞ্চনাতো ১ নম্বৰত মুছলমান।

নিৰ্বাচনৰ পূৰ্বে সাংসদ বদৰুদ্দিন আজমলৰ এনে মন্তব্যই ৰাজ্যজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । এতিয়া প্ৰশ্ন হয় বদৰুদ্দিন আজমলৰ এনে ধৰণৰ মুছলমান বিৰোধী মন্তব্য কোনো ৰাজনৈতিক মুনাফাৰ বাবে নেকি ? নে অন্য কিবা কাৰণ আছে ?

লগতে পঢ়ক : Assam Police Reserve Closed : মুখ্যমন্ত্ৰীৰ আৱাসৰ সন্মুখত আৰক্ষীৰ উদ্ভণ্ডালি