Badlapur Sexual Assault: বদলাপুৰত দুগৰাকী নাবালিকাক নিৰ্যাতন;গ্ৰেপ্তাৰ ৪০ জন প্ৰতিবাদকাৰীক,৩০ জনৰ বিৰুদ্ধে গোচৰ ৰুজু
নেশ্যনেল ডেস্ক,২১আগষ্ট : মহাৰাষ্ট্ৰ আৰক্ষীয়ে বদলাপুৰত দুগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত ব্যাপক প্ৰতিবাদ । গ্ৰেপ্তাৰ ৪০ জনৰো অধিক লোকক। ৩০০ জন লোকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন ৷ গ্ৰেপ্তাৰ কৰা লোকসকলক আজি আদালতত হাজিৰ কৰোৱা হয়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে ৰেল ষ্টেচনত নিৰাপত্তা বৃদ্ধি (Badlapur Sexual Assault)৷
উল্লেখ্য যে, মঙলবাৰে ঘটনাৰ কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।ঘটনাক কেন্দ্ৰ কৰি শিলগুটি নিক্ষেপ, ৰে’ল সেৱা ব্যাহত আৰু লাঠিচালনা হয়।
মঙলবাৰৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে সেয়া নিশ্চিত কৰিবলৈ ৰেল ষ্টেচনত আৰক্ষী কৰ্মী মোতায়েন কৰা হয় । ইফালে বদলাপুৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে আৰু দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হয়।
ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীৰ জিআৰপিৰ ডিচিপি মনোজ পাটিলে কয় যে পৰিস্থিতি এতিয়া স্বাভাৱিক । “পৰিস্থিতি এতিয়া স্বাভাৱিক । ৰেল চলাচলো স্বাভাৱিক হৈছে । কোনো ধাৰা আৰোপ কৰা হোৱা নাই । ইণ্টাৰনেট সেৱা কেইদিনমানৰ বাবে স্থগিত ৰখা হ’ব যাতে উৰাবাতৰি বিয়পিব নোৱাৰে ।”
মঙলবাৰে, প্ৰতিবাদকাৰীসকলে ৰে’লপথ অৱৰোধ কৰাৰ পিছত বদলাপুৰ ৰে’ল ষ্টেচনত সমবেত হোৱা প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠি চালনা কৰে, যাৰ ফলত স্থানীয় ৰে’লসমূহৰ চলাচল স্তব্ধ হৈ পৰে । প্ৰতিবাদকাৰীসকলে ট্ৰেকটো অৱৰোধ কৰাৰ লগে লগে ১২ খন মেইল এক্সপ্ৰেছ ৰেলৰ পথ সলনি কৰা হৈছিল আৰু ৩০ খন স্থানীয় ৰেল আংশিকভাৱে বাতিল কৰা হৈছিল(300 FIRS registered, Over 40 arrested after massive protest led to lathi charge and stone-pelting) ।
অৱশ্যে, আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিওৱাত ১০ ঘণ্টাৰ পিছত নিশা ৰে’ল সেৱা পুনৰ আৰম্ভ হয় । সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি চৰকাৰী ৰে’ল আৰক্ষীৰ (জিআৰপি) আয়ুক্ত ৰবীন্দ্ৰ শিচভে কয়, “ৰেলপথ মুক্ত কৰা হৈছে আৰু চলাচল নিশ্চিত কৰিবলৈ প্ৰতিবেদনখন প্ৰতিখন ৰে’ললৈ প্ৰেৰণ কৰা হ’ব ।”
মহাৰাষ্ট্ৰৰ বদলাপুৰত দুগৰাকী চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত নাবালিকাক বিদ্যালয়ত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগে ক্ষোভৰ সৃষ্টি কৰিছে । ১৭ আগষ্টত আৰক্ষীয়ে দুই নাবালিকাক উৎপীড়ন চলোৱাৰ অভিযোগত এনা এটেণ্ডেণ্টক গ্ৰেপ্তাৰ কৰিছিল । ইয়াৰ পূৰ্বে মঙলবাৰে অপৰাধটো সংঘটিত হোৱা বিদ্যালয়খনলৈ শিলাবৰ্ষণ কৰা ক্ষুব্ধ আৱাসীসকলৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল(300 FIRS registered, Over 40 arrested after massive protest)৷
ইফালে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে মঙলবাৰে ৰাজ্যখনৰ বদলাপুৰ জিলাৰ এখন বিদ্যালয়ত দুগৰাকী নাবালিকাৰ যৌন নিৰ্যাতনৰ অভিযোগক গৰিহণা দি কয় যে গোচৰটোৰ তদন্তৰ বাবে এখন বিশেষ তদন্ত দল (এছআইটি) গঠন কৰা হৈছে । উপ-মুখ্যমন্ত্ৰী ফাড়নাভিছে থানে আৰক্ষী আয়ুক্তক বদলাপুৰ ঘটনাৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱস্থা গ্ৰহণত পলম কৰা বদলাপুৰ আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক, সহকাৰী উপ-পৰিদৰ্শক আৰু হেড কনিষ্টবলক তৎক্ষণাৎ নিলম্বন কৰিবলৈ নিৰ্দেশ দিছিল ।
তেওঁৰ এক্স হেণ্ডেলত দেৱেন্দ্ৰ ফাড়নাভিছে পোষ্ট কৰে, “বদলাপুৰৰ দুৰ্ভাগ্যজনক ঘটনাত, আইজি পদবীৰ বিষয়া আইপিএছ আৰতি সিঙক তদন্ত চলাবলৈ তৎক্ষণাৎ নিযুক্তি দিয়া হয় । তাৎক্ষণিকভাৱে এখন অভিযোগপত্ৰ দাখিল কৰা হ’ব আৰু এই বিষয়টোৰ শুনানি ফাষ্ট-ট্ৰেক আদালতত কৰা হ’ব । আমাৰ আৰক্ষী বিভাগে এনে বৰ্বৰ, অমানৱীয় লোকসকলক তৎক্ষণাৎ শাস্তি দিয়াৰ বাবে সম্পূৰ্ণ প্ৰচেষ্টা কৰিব ।”
লগতে পঢ়ক :Assam Assembly session 2024 :২২ আগষ্টৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিবেশন