দু:খবৰ: গুৱাহাটীত বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল
নিউজ ডেস্ক, ২৩ মে’- গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ। বৃদ্ধিপাব জাবৰ সংগ্ৰহৰ মাচুল। জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা বৃদ্ধি পাব জাবৰ সংগ্ৰহৰ মাচুল।
জিএমচিৰ মেয়ৰ মৃগেন শৰণীয়াই সোমবাৰে চহৰখনত আৱৰ্জনা সংগ্ৰহৰ বাবে মাহিলী মাচুল বৃদ্ধিৰ বিষয়ে অৱগত কৰে। গুৱাহাটীৰ মেয়ৰ আৰু ডেপুটি মেয়ৰে আজি চহৰখনৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰি পৌৰসভাৰ কৰ্মচাৰীসকলৰ পৰিদৰ্শন কৰে।
খবৰ অনুসৰি, মেয়ৰ মৃগেন শৰণীয়াই ডেপুটি মেয়ৰ স্মিতা ৰয়ৰ সৈতে গুৱাহাটীৰ উজান বজাৰ অঞ্চলৰ বিভিন্ন অঞ্চলত পৰিদৰ্শন কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি মেয়ৰ মৃগেন শৰণীয়াই আৱৰ্জনা সংগ্ৰহৰ বাবে মাচুল বৃদ্ধিৰ বিষয়ে অৱগত কৰে। জুনৰ প্রথম সপ্তাহত এন জি অ’ সমূহে মহানগৰ পৰিষ্কাৰৰ দায়িত্ব পাব।
তেওঁ কয় যে, “গুৱাহাটীত আৱৰ্জনা সংগ্ৰহৰ মাহিলী শুল্ক জুন মাহৰ পৰা বৃদ্ধি কৰা হ’ব। ইয়াক প্ৰতি মাহে ৩০ টকাৰ পৰা ৫০ টকালৈ বৃদ্ধি কৰা হ’ব।”
লগতে তেওঁ কয় যে, “গুৱাহাটী পৌৰ সভাৰ মাহিলী আৱৰ্জনা সংগ্ৰহৰ এই মাচুল প্ৰায় ১৪ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে বৃদ্ধি কৰা হ’ব।”