দুখবৰ! বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ মৃত্যু

নিউজ ডেস্ক, ১০ মে’- ভাৰতীয় সংগীত প্ৰেমী সকলৰ বাবে দুখবৰ। বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰ শৰ্মাৰ দেহাৱসান। মঙলবাৰে মুম্বাইত সংগীত জগতৰ অন্যতম তাৰকা সংগীতকাৰ, সন্তুৰ বাদক পণ্ডিত শিৱকুমাৰ শৰ্মাৰ মৃত্যু হয়। হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিৱকুমাৰ শৰ্মাই।
বিশ্ব বিখ্যাত সন্তুৰ বাদক শিৱ কুমাৰে আজি ইহলীলা সম্বৰণ কৰে। হৃদৰোগত আক্ৰান্ত হৈ ৮৪ বছৰ বয়সত মৃত্যু হয় কিংবদন্তী শিল্পীজনৰ। সংগীত জগতত তেখেতৰ অৱদানৰ বাবে পণ্ডিত উপাধি লাভ কৰিছিল। তেওঁৰ অন্যতম প্ৰসিদ্ধ গীত হৈছে চান্দনী ছবিৰ ‘মেৰে হাথো মে নো নো চুড়িয়া’ গীতটো।
বিখ্যাত শিল্পীজনৰ জন্ম হৈছিল ১৯৩৮ চনৰ ১৩ জানুৱাৰী তাৰিখে জম্মুত। তেওঁ পাঁচ বছৰ বয়সৰ পৰাই দেউতাকৰ পৰা তবলা আৰু সংগীতৰ শিক্ষা লৈছিল। এই বিশ্ব বিখ্যাত শিল্পীজনে ১৩ বছৰ বয়সৰ পৰাই সন্তুৰ বজাবলৈ আৰম্ভ কৰিছিল। আৰু জম্মু-কাশ্মীৰৰ পৰিচিত বাদ্যযন্ত্ৰ সন্তুৰক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
শিৱ কুমাৰৰ প্ৰথম একক এলবাম ১৯৬০ চনত মুক্তি পাইছিল। ইয়াৰ পাছতে তেওঁ বলীউডত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল। আৰু পিছলৈ তেওঁ হৰিপ্ৰসাদ চৌৰাছিয়াৰ সৈতে লগ হৈ বহুতো কালজয়ী সুৰৰ সৃষ্টি কৰিছিল।