Local, Vocal, Global

WATCH | Bad breath: মুখৰ দুৰ্গন্ধৰ কাৰণ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ পদ্ধতি জানি লওক

যদি মুখৰ পৰা দুৰ্গন্ধ আহিবলৈ আৰম্ভ কৰে, তেন্তে সেয়া কেৱল মুখ লেতেৰা হোৱাটো প্ৰয়োজনীয় নহয়, ইয়াৰ আঁৰত আন বহুতো গুৰুতৰ কাৰণ থাকিব পাৰে, যিসমূহ সময়মতে চিনাক্ত কৰাটো খুবেই প্ৰয়োজনীয়(Bad breath)।

এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়

ধঁপাত আৰু ধূমপান

ধঁপাতজাতীয় সামগ্ৰী আৰু ধূমপানৰ ফলত মুখৰ পৰা দুৰ্গন্ধ ওলায় ৷

স্বাস্থ্যৰ সমস্যা

চাইনাছ সংক্ৰমণ, ডিঙিৰ সংক্ৰমণ, হাঁওফাঁওৰ সংক্ৰমণ, বৃক্কৰ সমস্যা বা ডায়েবেটিচৰ দৰে স্থিতিৰ ফলত মুখৰ দুৰ্গন্ধ হ’ব পাৰে ৷

দাঁতৰ সমস্যা

দাঁতৰ ক্ষয়, আলুৰ ৰোগ বা দাঁতত আৱদ্ধ খাদ্যকণাইও দুৰ্গন্ধ সৃষ্টি কৰিব পাৰে ৷

দিনত কমেও দুবাৰ দাঁত ব্ৰাছ কৰিব ৷

জিভা পৰিস্কাৰ কৰি ৰাখিব ৷ পৰীক্ষাৰ বাবে নিয়মীয়াকৈ দন্ত চিকিৎসকৰ ওচৰলৈ যাব ৷

অধিক পানী খাব ৷

সুৰা আৰু কেফেইন গ্ৰহণ সীমিত কৰিব ৷

পিঁয়াজ, নহৰু আৰু মচলাযুক্ত খাদ্যও কমাই খাব ৷

ধঁপাতজাতীয় সামগ্ৰীৰ সেৱন বন্ধ কৰক আৰু ধূমপানো ত্যাগ কৰক ৷

বেক্টেৰিয়া ৰোধ কৰিব পৰা মাউথৱাছ ব্যৱহাৰ কৰক ৷

যদি আপোনাৰ দুৰ্গন্ধৰ কাৰণ স্বাস্থ্যজনিত সমস্যাৰ সৈতে সম্পৰ্কিত, তেন্তে চিকিৎসকৰ পৰামৰ্শ লওঁক আৰু সঠিক চিকিৎসা কৰক ৷