Local, Vocal, Global

chirang : ১লাখ টকাৰ বিনিময়ত ২ পুত্ৰ সন্তানক বিক্ৰী পিতৃ-মাতৃৰ

নিউজ ডেস্ক, ১১ছেপ্টেম্বৰ : প্ৰতিগৰাকী ব্যক্তিৰ জীৱনত মাতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মাতৃয়ে এটি সন্তানক পৃথিৱীলৈ অনাই নহয় সন্তানটিক মাতৃয়ে শিক্ষক আৰু বন্ধু হৈ বহু কথাৰে জ্ঞান দিয়ে। মাতৃৰ ওচৰত সকলো সন্তানে নিৰাপত্তা অনুভৱ কৰে। এই মমতাময়ী মাতৃৰ ধাৰ কোনো কালেই পৰিশোধ কৰিব নোৱাৰে ।মাতৃ মমতাৰ মূৰ্ত প্ৰতীক।কিন্তু সেয় মাতৃ যদি নিদাৰুণ হয়,কোনে দিব সন্তানক নিৰাপত্তা।

মমতাময়ীৰ পাশৱিকতা ! নিজ মাতৃয়ে বিক্ৰী কৰিলে নিজৰ দুই সন্তানক । চিৰাঙত সংঘটিত হৈছে সভ্য সমাজত লজ্জিত কৰা ঘটনা । চিৰাঙৰ ৰুণীখাটাত পোহৰলৈ আহিছে আৰ্থিক দীনতাৰ ভয়াৱহ ছবি । ১ লাখ টকাৰ বিনিময়ত ২ পুত্ৰ সন্তানক বিক্ৰী কৰিলে পিতৃ আৰু মাতৃয়ে । যেন মুকলিকৈ অসমত বিক্ৰী হ’বলৈ ধৰিছে মানৱ শিশু(baby sale husband wife in chirang) ।

৪০ ৰ পৰা ৬০ হাজাৰ টকাত বিক্ৰী ৭মহীয়া দেৱশিশুৰ পৰা ১ বছৰীয়া শিশু। জানিব পৰা মতে,ধনৰ অভাৱত চিৰাং জিলাৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ দম্পতীয়ে নিজ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উঠিছে ।

হুগম নাৰ্জাৰী (২৫) আৰু বিজুলিকা নাৰ্জাৰী (২৩) নামৰ দম্পতীহালে ছমাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এক লাখ টকাৰ বিনিময়ত নিজৰ দুটিকৈ সন্তান বিক্ৰী কৰে দম্পতীহালে। দম্পতীহালৰ আছে দুটি কণ কণ পুত্ৰ-কন্যা সন্তান তাৰ পিছতো পুনৰ গৰ্ভৱতী হয় মাতৃ বিজুলিকা নাৰ্জাৰী ।

২০২২ চনৰ নবেম্বৰ মাহত নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানটিক ৪০ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছিল । খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীৰ নামৰ লোকজনৰ ওচৰত বিক্ৰী কৰি দিছিল সন্তানটিক । তাৰপাছতে চলিত বৰ্ষৰ জুলাই মাহত বিক্ৰী কৰে আন এটি সন্তানক। দ্বিতীয় পুত্ৰ সন্তানটি জন্ম পোৱাৰ এসপ্তাহ পিছতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী বাসিন্দা নীৰণ স্বৰ্গীয়াৰীক হাতত ৬০ হেজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে ।

আৰক্ষীয়ে ইতিমধ্যে সন্তানকেইটিৰ পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰণ স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে । সংবাদ মাধ্যমৰ আগত এই কথা স্বীকাৰ দম্পতীটোৰ।

মাতৃ বিজুলিকা নাৰ্জাৰীয়ে অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে একমাত্ৰ দাৰিদ্ৰতাৰ কাৰণেই তেওঁলোক স্বামী-স্ত্ৰী দুজনে মিলি নিজৰ সন্তানক বিক্ৰী কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : Assam Assembly : ৰাজ্যজুৰি চলি থকা লোডচেডিঙৰ বিৰুদ্ধে প্ৰতিবাদ অখিল গগৈৰ; প্ৰথম দিনাই হাতত লেম্ব আৰু বিচনী লৈ অখিল গগৈৰ প্ৰতিবাদ অসম বিধানসভাত