Babar Azam Faces Criticism After Quitting Captaincy: পাকিস্তান ক্ৰিকেটৰ অধিনায়ক পদ এৰিলে বাবদ আজমে
নিউজ ডেস্ক,২অক্টোবৰ : পাকিস্তান ক্ৰিকেটৰ বাবদ আজমৰ বৃহৎ ঘোষণা । পাকিস্তান ক্ৰিকেটৰ অধিনায়ক পদ এৰিলে বাবদ আজমে।
২০২৩ ৰ বিশ্বকাপত দলটো চূড়ান্ত ৰূপত ব্যৰ্থ হোৱাৰ পাছত অধিয়ানক পদ এৰিছিল বাবৰে।কিন্তু পৰৱৰ্তী সময়ত পুনৰ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে বাবৰক সীমিত অভাৰৰ ক্ৰিকেটৰ অধিনায়কৰ দায়িত্ব দিছিল। মঙলবাৰে নিশা বাবৰে সামাজিক মাধ্যমৰ জৰিয়তে পুনৰ অধিনায়ক পদ ত্যাগ কৰাৰ কথা ঘোষণা কৰে(Babar Azam steps down from Pakistan’s white-ball captaincy)।
মঙলবাৰে সামাজিক মাধ্যমত বাবৰে লিখে, মই মোৰ সিদ্ধান্ত পি চি বিক জনাই দিছো। পাক ক্ৰিকেট দলক নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰাৰ বাবে মই কৃতজ্ঞ। অধিনায়ত্ব এক ডাঙৰ সন্মান। কিন্তু তাৰ লগতে চাপো বাঢ়ি যায়। মই এতিয়া মোৰ নিজৰ প্ৰদৰ্শনৰ ওপৰত মনযোগ দিব বিচাৰো। নিজৰ বেটিং উপভোগ কৰিব বিচাৰো। পৰিয়ালৰ সৈতে ভালদৰে সময় পাৰ কৰিব বিচাৰো(Babar Azam Faces Criticism After Quitting Captaincy)।
লগতে পঢ়ক : Road Accident in Sivasagar : গছত প্ৰচণ্ড খুন্দা বাইক আৰোহীৰ;থিতাতে নিহত দুই যুৱক