Baba Siddique Shot Dead: গ্ৰেপ্তাৰ বাবা ছিদ্দিকী হত্যাকাণ্ডত অভিযুক্ত দুজনকৈ শ্বুটাৰক

নেশ্যনেল ডেস্ক,১৩অক্টোবৰ : মুম্বাইৰ বান্দ্ৰাত NCPৰ অজিত পাৱাৰ ফৈদৰ জ্যেষ্ঠ নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰাৰ অভিযোগত ২জনক গ্ৰেপ্তাৰ। মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুৰ্বৃত্তই দুটাক(Baba Siddique Shot Dead)।
ইতিমধ্যে হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ২জন গুলীচালনাকাৰীৰ পৰিচয় প্ৰকাশ কৰিছে মুম্বাই আৰক্ষীয়ে। মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, এজন শ্বুটাৰৰ নাম কৰ্ণাইল সিং আৰু আনজনৰ নাম ধৰমৰাজ কাশ্যপ। কৰ্ণাইল হাৰিয়ানাৰ বাসিন্দা আৰু ধৰ্মৰাজ উত্তৰ প্ৰদেশৰ বাসিন্দা(Bishnoi Gang Connection Revealed After 2 Suspects Held)।
উল্লেখযোগ্য যে, শনিবাৰে নিশা প্ৰায় ৯:৩০ বজাত মুম্বাইৰ খেৰ নগৰত থকা ছিদ্দিকীৰ পুত্ৰৰ কাৰ্যালয়ৰ বাহিৰত বাবা ছিদ্দিকীক ঘেৰি ধৰি তিনিজন লোকে গুলীচালনা কৰে। পিছত তেওঁক লীলাৱতী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰা হয়।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীত ৬টা গুলী উদ্ধাৰ হৈছে। অৰ্থাৎ শ্বুটাৰসকলে ৬টা গুলী নিক্ষেপ কৰিছিল বাবা ছিদ্দিকীলৈ। ইয়াৰে ২টা গুলীয়ে বাবা ছিদ্দিকীৰ বুকু ভেদ কৰে। একে সময়তে ওচৰতে থিয় হৈ থকা আন এজন ব্যক্তিক এটা গুলীয়ে খুন্দা মাৰিছিল। গুলীবিদ্ধ হৈ মৃত্যু হয় বাবা ছিদ্দিকীৰ। গুলীচালনা কৰা তিনিজন শ্বুটাৰে পলায়নৰ চেষ্টা কৰোতেই দশেৰাৰ অনুষ্ঠানত নিয়োজিত আৰক্ষীয়ে লগে লগে দুজন শ্বুটাৰক কৰায়ত্ত কৰে আৰু দুজন শ্বুটাৰে ভিৰৰ সুবিধা লৈ পলায়ন কৰে।