B.Ed and B.El.Ed degree to be reviewed: বহিঃৰাজ্যৰ পৰা B.El.Ed আৰু B.Ed ডিগ্ৰীধাৰী শিক্ষকসকলৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ
নিউজ ডেস্ক,২৫জুলাই : ৰাজ্যৰ শিক্ষকসকলৰ বাবে আন এক খবৰ । বহিঃৰাজ্যৰ পৰা B.El.Ed আৰু B.Ed ডিগ্ৰী গ্ৰহণ কৰা শিক্ষকৰ বাবে এই খবৰ । শিক্ষক সকলে সন্মুখীন হব লাগিব আন এক বিপদৰ ।প্ৰতিগৰাকী B.El.Ed.আৰু B.Ed ডিগ্ৰী গ্ৰহণ কৰা শিক্ষকৰ ডিগ্ৰী সন্দৰ্ভত হ’ব তদন্ত। বহিঃৰাজ্যৰ পৰা ভুৱা B.El.Ed.আৰু B.Ed ডিগ্ৰীৰে নিযুক্তি লাভৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে আহিছে এই খবৰ(B.Ed and B.El.Ed degree to be reviewed)। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিতে তদন্ত আৰম্ভ কৰিছে শিক্ষা বিভাগে। শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা এইদৰে ভুৱা ডিগ্ৰী গ্ৰহণ কৰি নিযুক্তি লাভ কৰাসকলৰ ডিগ্ৰীৰ বৈধতা পৰীক্ষাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিক্ষাবিভাগে আৰম্ভ কৰিছে তদন্ত(fake B.Ed and B.El.Ed degrees education department assam)।
অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা B.El.Ed আৰু B.Ed ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।লগতে বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰিছে।
উল্লেখ্য যে, অভিযোগ অনুসৰি পশ্চিমবংগৰ একাংশ বিশ্ববিদ্যালয়ে ধনৰ বিনিময়ত ভুৱা B.El.Ed আৰু B.Ed ডিগ্ৰী প্ৰদান কৰি আহিছে।এইদৰে লাভ কৰা ভুৱা ডিগ্ৰীত ৯৮, ৯৯ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰিছে একাংশই। যাৰ বাবে অসমৰ বিশ্ববিদ্যালয়ৰ অধীনত বৈধ ভাৱে ডিগ্ৰী গ্ৰহণ কৰা একাংশই চাকৰি লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে।এই বিষয়টোৰ সন্দৰ্ভত দীৰ্ঘদিনে বিতৰ্ক চলি অহাৰ মাজতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে গ্ৰহণ কৰা এই সিদ্ধান্তই যোগ্যজনক বঞ্চিত কৰাসকলক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব সেয়া নিশ্চিত(B.Ed and B.El.Ed degrees education department)।
ইফালে, আজি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে , প্ৰতিগৰাকী কৰ্মচাৰীৰ বাবে দুৰ্গম স্থানত ডিউটি কৰাটো বাধ্যতামূলক হ’ব । এইক্ষেত্ৰত ব্যতিক্ৰম নহ’ব ৰাজ্যৰ শিক্ষক সমাজত । লগতে শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে ন্যূনতম ৩-৫ বছৰ দুৰ্গম স্থানত কৰ্মৰত হোৱাটো বাধ্যতামূলক হ’ব। ইয়াৰ বাবে কেবিনেটে শীঘ্ৰে গ্ৰহণ কৰিব সিদ্ধান্ত।আনহাতে, চাহ বাগান আৰু সংখ্যালঘু অঞ্চলত অসমীয়া শিক্ষাক গুৰুত্বৰ দিয়া হব।
লগতে পঢ়ক : VC of bodoland university : অপসাৰিত হ’ব পাৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য !