Local, Vocal, Global

মৃত্যুৰ সৈতে যুঁজি থকা আজিজক লাগে আপোনাৰ সহায়

নিউজ ডেস্ক: আপোনাৰ সহায়ে নতুন জীৱন পাব পাৰে এটি পৰিয়ালক। বিলাসীপাৰা হাতীপোতা দ্বিতীয় খণ্ড গাঁৱৰ ৩২ বছৰীয়া যুৱক আব্দুল আজিজ বিগত ৬ মাহৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজ দিছে৷ বৰ্তমান যুৱকজনৰ অৱস্থা অতি সংকটজনক। চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে আব্দুল আজিজে। ৬ জনীয়া পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আজিজে দিন হাজিৰা কৰা পৰিয়াল পোহপাল দিছিল৷ বিগত ৬ মাহত জটিল ৰোগত আক্ৰান্ত হৈ বিছনাৰ সংগী হৈ পৰাৰ লগতে চিকিৎসাৰ নামত সকলো সা-সম্পত্তি বিক্ৰী কৰিব লগাত পৰে৷ উন্নত চিকিৎসাৰ বাবে বহু ধনৰ প্ৰয়োজন। আজিজৰ চিকিৎসাৰ বাবে পৰিয়ালে হৃদয়বান লোকৰ পৰা সহায় বিচাৰিছে৷ স্থানীয় বিধায়ক ছামছুল হুদা আৰু হৃদয়বান লোকৰ পৰা আৰ্থিক সাহায্য বিচাৰি কাতৰ অনুৰোধ জনাইছে পৰিয়ালে। কোনো ব্যক্তিয়ে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে 8822337306 নম্বৰত যোগাযোগ কৰিব পাৰিব৷