Ayodhya Ram Mandir Inauguration : মুকলিৰ বাবে সাজু অযোধ্যাৰ ৰাম মন্দিৰ

নিউজ ডেস্ক, ২১জানুৱাৰী : মুকলিৰ বাবে সাজু অযোধ্যাৰ ৰাম মন্দিৰ। ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ(Ayodhya Ram Mandir Inauguration )।
মাজত মাত্ৰ কেইটামান মুহূৰ্ত। কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। ইতিমধ্যে প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সজাই-পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ ।অযোধ্যাত ভিৰ কৰিছে দেশ-বিদেশৰ ভক্তই ।অযোধ্যাৰ ৰাম মন্দিৰ ফুল আৰু বিশেষ পোহৰেৰে সজ্জিত কৰা হৈছে। মন্দিৰটো সজাবলৈ বিশেষ ফুলৰ ডিজাইন প্ৰস্তুত কৰা হৈছে।
জানিব পৰা মতে সকলোবোৰ সতেজ ফুল আৰু শীতকালৰ বাবে সেইবোৰ দীঘলীয়া সময়লৈ সতেজ হৈয়ে থাকিব। এই ফুলবোৰৰ সুবাস আৰু সৌন্দৰ্যই মন্দিৰৰ শোভা আৰু বৃদ্ধি কৰিছে।
মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পূৰ্বে বহু নীতি নিয়ম ইতিমধ্যে সম্পন্ন হৈ গৈছে। কেইবাখনো পূজা কৰা হৈছে। এতিয়া মাত্ৰ কাইলৈৰ বাবে অপেক্ষা।