Ayodhya Ram Mandir: দেৰগাঁও জৰাগুৰিৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন
দেৰগাঁও,২৩জানুৱাৰী : দেৰগাঁও জৰাগুৰিৰ দূৰ্গা মন্দিৰৰ প্ৰাংগণত ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱস উদযাপন ।
হৰে কৃষ্ণ হৰে ৰাম ধ্বনিয়ে মুখৰিত হৈ পৰিছে জৰাগুৰি দুৰ্গ মন্দিৰ প্ৰাংগণ,ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অগণন ভক্তপ্ৰাণ ৰাইজে লৈছে হৰি নাম। পূৰ্ব জৰাগুৰি ৰাজহুৱা দুৰ্গা মন্দিৰত ৰাম মন্দিৰ প্ৰতিষ্ঠা দিনটোত নাম কীৰ্ত্তন কৰি লৈছে কেৱল ঈশ্বৰৰ নাম । চাকি বন্তীয়ে চৌপাশ পোহৰাই সমন্বয়ৰ বার্তা প্ৰেৰণৰ বাবে আমন্ত্ৰণ জনাই আনিছে দূৰ দূৰণিৰ পৰা নাম কীৰ্ত্তনৰ দল(Ayodhya Ram Mandir) ।
অগণন ভক্তৰ সমাবেসেৰে প্ৰভু শ্ৰীৰামক উপাসনা কৰা দেখা গ’ল পূৰ্ব জৰাগুৰি দূৰ্গা মন্দিৰ প্ৰাংগণ।
লগতে পঢ়ক :Republic Day 2025 : সমাগত গণতন্ত্ৰ দিৱস;অসম আৰক্ষীয়ে চলাইছে নিৰবিচ্ছিন্ন অভিযান