PM Modi’s Ayodhya Visit On December 30 : ৩০ ডিচেম্বৰত অযোধ্যালৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
নেশ্যনেল ডেস্ক , ২৮ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অযোধ্যা ভ্ৰমণ । তিনিঘণ্টাৰ বাবে অযোধ্যালৈ যাব দেশৰ প্ৰধানমন্ত্ৰী(PM Modi’s Ayodhya Visit On December 30) ।
৩০ ডিচেম্বৰ শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উত্তৰ প্ৰদেশৰ অযোধ্যালৈ যাব ৷ তিনিঘণ্টাৰ কাৰ্যসূচী লৈ অযোধ্যালৈ যাব মোডী । উক্ত দিনাই নৱ-নিৰ্মিত অযোধ্যা ৰে’ল ষ্টেচন আৰু বিমান বন্দৰ আনুষ্ঠানিকভাৱে মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (
PM Modi to Inaugurate Ayodhya Airport)৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অযোধ্যা ভ্ৰমণক লৈ ভাৰতীয় চোৰাংচোৱা সংস্থাই নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে ৷
উল্লেখ্য যে, বিগত সময়ছোৱাত সংসদৰ ভিতৰত দুৰ্বৃত্তৰ আক্ৰমণ লগতে নতুন দিল্লীস্থিত ইজৰাইলৰ দূতাবাসৰ সমীপত দুৰ্বৃত্তই সংঘটিত কৰা বোমা বিস্ফোৰণৰ পাছতে প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ সতৰ্কতা জাৰি কৰিছে চোৰাংচোৱা সংস্থাই(Ayodhya gears up for PM Modi’s visit on December 30) ৷
মোদীৰ অযোধ্যা ভ্ৰমণৰ নিৰাপত্তাত লৈ সাজু হৈছে এন এছ জি, এ টি এছৰ লগতে এছ টি এফ কমাণ্ডোসকল ৷
নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান(আইন-শৃংখলা) প্ৰশান্ত কুমাৰে কয়, ‘‘ অযোধ্যাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ ইয়াৰে অযোধ্যাত তিনিজন ডি আই জি, ১৭ জন আৰক্ষী অধীক্ষক, ৪০ জন অতিৰিক্ত আৰক্ষী অধীক্ষক, ৮২ জন উপ আৰক্ষী অধীক্ষক, ৯০ জন পৰিদৰ্শক, ৩২৫ জন উপ-পৰিদৰ্শক, ৩৩ গৰাকী মহিলা উপ-পৰিদৰ্শক, দুই হাজাৰ কনিষ্টবল, ৪৫০ টা যান-বাহন আৰক্ষী বিষয়া, ১৪ টা কোম্পানী পি এ চি আৰু ছটা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী মোতায়েন কৰা হৈছে (Preparations Underway For PM Modi’s Ayodhya Visit On December 30)৷’’
আনহাতে ৩০ ডিচেম্বৰৰ কথা উল্লেখ কৰি আৰক্ষী বিষয়াগৰাকীয়ে কয় যে ,৩০ ডিচেম্বৰত অযোধ্যাত বিশৃংখলতা সৃষ্টিৰ সম্ভাৱনা আছে আৰু তাৰ বাবে সমগ্ৰ অযোধ্যাত সতৰ্কতা বৃদ্ধি কৰা হৈছে ।প্ৰশাসনে যান-বাহন চলাচলৰ ক্ষেত্ৰতো কেতবোৰ নীতি নিয়ম বান্ধি দিছে ৷ ইফালে ৩০ ডিচেম্বৰৰ পাছতো অযোধ্যাত বিশৃংখলতা সৃষ্টি কৰিবলৈ বিচৰা গোটসমূহৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিছে(Ayodhya Gears Up for PM Modi’s Visit ) ৷
লগতে পঢ়ক : Terrible Road Accident : শোকাৱহ দুৰ্ঘটনা; জীৱন্তে অগ্নিদগ্ধ ১২ জন লোক ,আহত ১৪ জনকৈ লোক