Autumn session of Assam Legislative Assembly begins today : আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন
নিউজ ডেস্ক,২২আগষ্ট : আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব বিধানসভাৰ শৰৎকালীন অধিৱেশন।৩০ আগষ্টলৈ চলিবলগীয়া এই অধিৱেশন।
এই অধিৱেশনত ৰাজহ বিভাগৰ দুখন বিধেয়ক উত্থাপনৰ লগতে ২০২৪-২৫ বৰ্ষৰ মজুৰিৰ বাবে পৰিপূৰক দাবী উত্থাপন তথা চৰকাৰী বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে(Autumn session of Assam Legislative Assembly begins today)।
২৭ আগষ্টত সংকল্প প্রস্তাৱ আৰু আন বহুকেইখনমান বিধেয়ক উত্থাপনৰ সম্ভাৱনা আছে। ২৮ আগষ্টত পৰিপূৰক মঞ্জুৰিৰ বাবে দাবীসমূহৰ ওপৰত আলোচনা আৰু ভোটদান হ’ব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মুঠ ১৩খন বিধেয়ক উত্থাপন হ’ব এইবাৰৰ অধিৱেশনত।