Local, Vocal, Global

Attempted kidnapping of teenager in Guwahati: প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে কিশোৰীক অপহৰণৰ চেষ্টা

নিউজ ডেস্ক,১৬নৱেম্বৰ : প্ৰেম! প্ৰেমক জীয়াই ৰাখিবলৈ যিকোনো পৰ্যায়লৈ যোৱা মানুহ আপুনি দেখিছে ৷ কিন্তু এয়া প্ৰেমেই নে?প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবেই ভালপোৱাক অপহৰণৰ চেষ্টা কৰাজন প্ৰেমিক হ’ব পাৰেনে?

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। গুৱাহাটী মহানগৰীত প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই এগৰাকী কিশোৰীক অপহৰণৰ চেষ্টা(Attempted kidnapping of teenager in Guwahati)।

মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। টিভি টাৱাৰৰ পাহাৰৰ পথৰ পৰা কিশোৰীগৰাকীক অপহৰণৰ চেষ্টা ৩ যুৱকৰ। কিশোৰী গৰাকীক পিতৃয়ে মাতিছে বুলি কৈ GMCH পাহাৰলৈ লৈ যায় যুৱককেইজনে। কিন্তু কিশোৰীগৰাকীক সন্ধিয়া সেই স্থানত দেখা পাই কোনো লোকে অৱগত কৰে পিতৃক।

ঘটনাৰ উমান লাভ কৰিয়েই লগে লগে GMCHৰ পাহাৰত গৈ উপস্থিত হয় কিশোৰী গৰাকীৰ পিতৃ। পিতৃক দেখা পাই সেই স্থানৰ পৰা পলায়ন কৰে শ্বাহজাহান আলি, চলমান আলি, ইয়ামিন হুছেইনে ৩ যুৱকে। ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে কিশোৰী গৰাকীৰ পিতৃয়ে।

লগতে পঢ়ক :Encounter under way between security forces, naxals in Chhattisgarh: ছত্তীশগড়ত নিৰাপত্তা বাহিনীৰ মাওবাদী বিৰোধী অভিযান