Local, Vocal, Global

Attempt to murder on daughter: ৰাসায়নিক পদাৰ্থ ঢালি জীয়ৰীক হত্যাৰ চেষ্টা পিতৃৰ

ডিজিটেল ডেস্ক, ২৭এপ্ৰিল: উত্তৰ প্ৰদেশৰ বৰেলীত সংঘটিত হৈছে এক নৃশংস ঘটনা (Brutal incident took place in Uttar Pradesh) । ২২ বছৰীয়া যুৱতীক হত্যাৰ চেষ্টা পিতৃ আৰু ভিনিহীয়েকৰ।বৰ্তমান যুৱতীগৰকীয়ে চিকিৎসালয়ত যুঁজি আছে জীৱন মৃত্যুৰ সৈতে ।ঘটনাটো সংঘটিত হৈছে বৰেলীৰ ফতেহগঞ্জ পশ্চিমত।

২৫ এপ্ৰিলৰ পুৱা স্থানীয় লোকসকলে যুৱতীগৰাকীক পথৰ কাষত অচেতন অৱস্থাত পৰি থকা প্ৰত্যক্ষ কৰে আৰু লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।ইফালে চিকিৎসকে দিয়া ভাষ্য অনুসৰি, যুৱতীগৰাকীৰ শৰীৰৰ ৰাসায়নিক পদাৰ্থ ঢালি জ্বলাই দিয়া হৈছিল।

চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ভুক্তভোগী যুৱতীগৰাকীয়ে এখন উকা কাগজত তেওঁৰ পৰিয়ালৰ পৰিচয় দাঙি ধৰি সবিশেষ উল্লেখ কৰে। ইফালে আৰক্ষীয়েও ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে প্ৰাৰম্ভিক তদন্তৰ অন্তত যুৱতীগৰাকীৰ পৰিয়ালৰৰ লগত যোগাযোগ কৰি তেওঁৰ পিতৃৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰে।

তদন্তকাৰী আৰক্ষীয়ে পোৱা তথ্য অনুসৰি যুৱতীগৰাকীৰ এজন যুৱককৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক । কিন্তু পৰিয়ালৰৰ লোকে তেওঁলোকৰ এই সম্পৰ্কক গ্ৰহন কৰিব পৰা লব পৰা নাছিল। শেষত যুৱতীগৰাকীৰ সন্মতিৰ অবিহনে গৈ তেওঁক যোৱা ২২ এপ্ৰিলত আন এজন যুৱকলৈ বিয়া দিয়ে। বিবাহৰ পিছতো যুৱতীগৰাকীয়ে পূৰ্বৰ প্ৰেমিকৰ সৈতে ৰক্ষা কৰিছিল প্ৰেমৰ সম্পৰ্ক।

এই কথা জানিব পাৰি যুৱতীগৰাকীৰ পিতৃ আৰু ভিনিহীয়েকে তেওঁক স্বামীৰ গৃহৰ পৰা নিজৰ ঘৰলৈ আনিবলৈ গৈছিল। যুৱতীগৰাকীয়ে ঘৰলৈ আহিবলৈ সন্মতি নিদিয়াত মুখত কাপোৰেৰে সোপা দি দেউতাকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ।ইয়াতে ক্ষান্ত নাথাকি তেওঁ নিজ কন্যাৰ শৰীৰত ৰাসায়নিক পদাৰ্থ ঢালি জ্বলাই দিয়ে আৰু তেওঁ মৃত্যু হোৱা বুলি ভাৱি পথৰ কাষত পেলাই থৈ ঘৰমূৱা হয়।

ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ দেউতাক আৰু তেওঁৰ ভিনীহিয়েকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ নিক্ষেপ কৰাৰ লগতে আৰু ঘটনাৰ অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।