Local, Vocal, Global

মহানগৰীত যৌতুকৰ বাবে পত্নীক হত্যাৰ চেষ্টা

নিউজ ডেস্ক, ২০ মাৰ্চ : মহানগৰীত যৌতুকজনিত কাৰণত দীৰ্ঘদিনৰ পৰা ভয়ংকৰ ঘটনা সংঘটিত হৈ আহিছে । এই ঘটনাই প্ৰতি বাৰেই জোকাৰি যায় সমগ্ৰ ৰাজ্য়।

পুনৰ যৌতুকৰ বাবেই পত্নীক হত্যাৰ চেষ্টা স্বামীৰ। ফটাশিল আমবাৰীৰ চেগুণবাৰীত সংঘটিত হৈছে এই ঘটনা। পত্নীক হত্যাৰ চেষ্টা প্ৰদীপ তালুকদাৰ নামৰ লোকজনৰ। বৰ্তমান GMCHৰ ICUত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে মহিলাগৰাকী।

ইতিমধ্যে পৰিয়ালৰ লোকে স্বামী প্ৰদীপ তালুকদাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ফটাশিল আমবাৰী থানাত। প্ৰদীপ তালুকদাৰৰ পৰিয়ালৰ বিৰুদ্ধেও নিৰ্যাতন চলোৱাৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।