Local, Vocal, Global

সোণাৰিত ব্যৱসায়ীক হত্যাৰ প্ৰচেষ্টা, অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী

নিউজ ডেস্ক: সোণাৰিত ব্যৱসায়ীক হত্যাৰ প্ৰচেষ্টা চলোৱাৰ ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে৷ ঘটনাৰ বিৰুদ্ধে আজি প্ৰতিবাদ নামে ৰাইজ৷ ৩ অক্টোবৰত সোণাৰিৰ পাচলি ব্যৱসায়ী খচৰুল ইছলামক আন এজন পাচলি ব্যৱসায়ী চিয়াবউদ্দিন আহমেদৰ নেতৃত্বত এটা দলে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিছিল৷

ফলত খচৰুল ইছলাম গুৰুতৰভাৱে আঘাত হয়৷ আক্ৰমণ কাণ্ডত জড়িত অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাই আহিছে যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাত ব্যৱসায়ীসকল জাঙুৰ খাই উঠে৷ ব্যৱসায়ীসকলে প্ৰতিবাদে সাব্যস্ত কৰে৷

অভিযুক্তক শীঘ্ৰেই আটক কৰাৰ দাবীত আজি সোণাৰি শাক-পাচলি ব্যৱসায়ী সন্থা, পাচলি বজাৰ সন্থা, মাছ বজাৰ সন্থা আৰু মদিনা মাৰ্কেট ব্যৱসায়ী সন্থাই দিনৰ দহ বজাৰ পৰা মদিনা মাৰ্কেটৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে।

সোণাৰি আৰক্ষীয়ে বিশেষ অভিযান চলাই ঘটনাটোৰ মূল তিনিজনৰ ভিতৰত এজন খল’নায়ক চিয়াবউদ্দিন আহমেদক আটক কৰে যদিও ঘটনাৰ সৈতে জড়িত আন দুজন চাহিদ আহমেদ আৰু আখতাৰ আহমেদক এতিয়ালৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷