Local, Vocal, Global

Bangladesh violence : উত্তপ্ত বাংলাদেশ ! দেশজুৰি কাৰ্ফিউ জাৰি

নিউজ ডেস্ক,২০জুলাই : আজিও উত্তপ্ত বাংলাদেশ। বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদতে লৈছে ভয়ংকৰ ৰূপ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰি অসহায় বাংলাদেশ চৰকাৰ(Attacks on Bangladesh student protesters)।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে সমগ্ৰ বাংলাদেশতে কাৰ্ফিউ ঘোষণা কৰে । লগতে দেশখনত শান্তি-শৃংখলা বজাই ৰাখিবলৈ সামৰিক বাহিনী মোতায়েনৰ নিৰ্দেশ দিয়ে ।

শাসনাধিষ্ঠিত আৱামী লীগ দলৰ সাধাৰণ সম্পাদক ওবেদুল কাদেৰে এই ঘোষণা কৰে । প্ৰথমতে আৰক্ষী আৰু নিৰাপত্তা বিষয়াসকলে প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনা আৰু ৰাজধানীৰ সকলো সমাৱেশ নিষিদ্ধ কৰাৰ পিচত এই ঘোষণা কৰা হয় । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই প্ৰতিবাদত কেইবাজনো লোক নিহত হৈছে ।

উল্লেখ্য যে , বিগত সপ্তাহতে উমি উমি জ্বলি থকা প্ৰতিবাদৰ জুইকুৰা এই সপ্তাহৰ আৰম্ভণিতে তীব্ৰ ৰূপ লয় । যাৰ ফলত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে । জানুৱাৰী মাহত নিৰ্বাচনৰ পিচত একেৰাহে চতুৰ্থটো কাৰ্যকালৰ বাবে জয়ী হোৱাৰ পিচত তেওঁ আটাইতকৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । উল্লেখ্য যে দেশ মুখ্য বিৰোধী দলবোৰে উক্ত নিৰ্বাচন বৰ্জন কৰিছিল(Bangladesh violence) ।

গৃহ বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে শুকুৰবাৰে ডাউকি ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে ৩৬৩ জন লোক মেঘালয়ত উপস্থিত হয় । তেওঁলোকৰ ভিতৰত ২০৪ গৰাকী ভাৰতীয়, ১৫৮ গৰাকী নেপালী আৰু এগৰাকী ভূটানৰ নাগৰিক । এতিয়ালৈকে মেঘালয়ৰ ৮০ গৰাকী ৰাজ্যখনলৈ উভতি আহিছে । তেওঁলোকৰ বেছিভাগেই শিক্ষাৰ্থী । এই ৮০ গৰাকীৰ ভিতৰত ১৩ গৰাকীয়ে শুকুৰবাৰে গৃহৰাজ্যত প্ৰৱেশ কৰে ।

আনহাতে, মেঘালয় চৰকাৰে চুবুৰীয়া দেশখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে বাংলাদেশত থকা ৰাজ্যখনৰ নাগৰিকসকলক সহায় কৰিবলৈ ১৮০০-৩৪৫-৩৬৪৪ নম্বৰৰ এটা হেল্পলাইন নম্বৰ সক্ৰিয় কৰিছে ।

লগতে পঢ়ক : Armed Assailants Open Fire At Nalbari Trader : ব্যৱসায়ীক গুলীচালনা দুর্বৃত্তৰ; দুর্বৃত্তৰ গুলীত আহত ব্যৱসায়ী