Local, Vocal, Global

Attack on Wedding Procession after ‘Dispute’ over DJ Playing near Mosque : বিবাহ অনুষ্ঠানত ডিজো বজোৱাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা;আহত ১০জন

নেশ্যনেল ডেস্ক,২২এপ্ৰিল : বিবাহ অনুষ্ঠানত ডিজো বজোৱাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা । হিন্দু ৰীতি-নীতি অনুসৰি ডিজে লৈ শোভাযাত্ৰা কৰি গৈ থকাৰ সময়তে মেডুবাছ গাঁৱৰ মছজিদৰ সমীপত ডিজে বজোৱাক কেন্দ্ৰ কৰি বিশেষ সম্প্ৰদায়ৰ লোকে তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু শিল আৰু লাঠিৰে আক্ৰমণ কৰে(Attack on Wedding Procession after ‘Dispute’ over DJ Playing near Mosque) ।

ৰাজস্থানৰ আলৱাৰ জিলাৰ মেডুবাছ গাঁৱত সংঘটিত হৈছে এই ঘটনাটো ৷

আৰক্ষীয়ে জনোৱা মতে, বিবাহ অনুষ্ঠানত ডিজে লৈ শোভাযাত্ৰা কৰি গৈ থকাৰ সময়তে এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ লগত আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ এই আক্ৰমণৰ ফলত ১০ জন লোক আহত হয় । সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিস্থিতি ।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ৰামগড়ৰ চি অ’ ওমপ্ৰকাশ বিষ্ণৈ, নৌগাৱন থানাৰ বিষয়া ভূপেন্দ্ৰ সিং, ৰামগড় আৰক্ষী থানাৰ বিষয়া সৱাই সিং, বগাদ টিৰাহা থানাৰ বিষয়া উমাশংকৰ, এম আই এ থানাৰ বিষয়া বিজেন্দ্ৰ সিঙৰ লগতে আৰক্ষী বাহিনী আৰু কিউ আৰ টি ঘটনাস্থলীত উপস্থিত হয় আৰু গাঁওখনত মোতায়েন কৰা হয় বিশাল আৰক্ষী বাহিনী ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি উক্ত স্থানৰ পৰা ৪ জন লোকক আটক কৰে ।

নৌগাৱন আৰক্ষী থানাৰ বিষয়া ভূপেন্দ্ৰ সিঙে জানিবলৈ দিয়া মতে, দৰাৰ ককাক ৰামদাসে নাতিৰ বিবাহ শোভাযাত্ৰাৰ সময়ত মেডুবাত এই আক্ৰমণ সংঘটিত হোৱা বুলি এজাহাৰ দাখিল কৰিছে । হিন্দু ৰীতি-নীতি অনুসৰি ডিজে লৈ শোভাযাত্ৰা কৰি গৈ থাকোতে মেডুবাছ গাঁৱৰ মছজিদৰ সমীপত ডিজে বজোৱাক কেন্দ্ৰ কৰি বিশেষ সম্প্ৰদায়ৰ লোকে তৰ্ক-বিতৰ্কত লিপ্ত হয় আৰু শিল আৰু লাঠিৰে আক্ৰমণ কৰে ।

আক্ৰমণত গুৰুতৰভাৱে আহতসকলক প্ৰাথমিক চিকিৎসাৰ অন্তত অলকাৰলৈ প্ৰেৰণ কৰা হৈছে । ঘটনাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে গাঁওখনত মোতায়েন কৰা হৈছে আৰক্ষী বাহিনীৰ বৃহৎ দল । ঘটনাৰ তদন্ত অব্যাহত থকাৰ লগতে দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : Young woman missing from kaziranga : ১৯ এপ্ৰিলৰ পৰা সন্ধানহীন কাজিৰঙাৰ ৰেণু কলিতা