Atma Balidan Divas 2024 : আজি ২০ ছেপ্টেম্বৰ, ছহিদ দিৱস

নিউজ ডেস্ক,২০ছেপ্তেম্বৰ : আজি ২০ ছেপ্টেম্বৰ, ছহিদ দিৱস৷ ২০ ছেপ্টেম্বৰৰ দিনটোতে শ্বহীদ হৈছিল ভাৰত ত্যাগ আন্দোলনৰ সেনানী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি (Freedom fighter Kanaklata Baruah) । ৮২টা বছৰ সম্পূৰ্ণ কৰিলে ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া অসমীয়া সেননীৰ মৃত্যুয়ে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ২০ ছেপ্টেম্বৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কেইবাগৰাকীও অসমীয়াই।
এইসকলৰ ভিতৰত আছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনা। স্বাধীনতা বিপ্লৱত অসীম ত্যাগ আৰু দেশপ্ৰেমৰ অতুল্য নিদৰ্শন দেখুৱাই এইসকল সংগ্ৰামীয়ে বৃটিছৰ বিপক্ষে থিয় দিছিল। গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে(Atma Balidan Divas 2023)।
শ্বহীদ দিৱসৰ দিনটোত কনকলতা আৰু মুকুন্দ কাকতিৰ বীৰত্ব, ত্যাগ আৰু পৰাক্ৰমক শ্ৰদ্ধাৰে স্মৰণ কৰিছে ৰাজ্যবাসীয়ে ।
লগতে পঢ়ক :Sensational Incident : পুনৰ ধিঙত সংঘটিত হৈছে নাবালিকা ধৰ্ষণ কাণ্ডৰ ঘটনা