At least Ten people injured in blast at cafe in India’s Bengaluru : বেংগালুৰুত ভয়ংকৰ বিস্ফোৰণ; আহত ১০জনকৈ লোক
নেশ্যনেল ডেস্ক, ২ মাৰ্চ : বেংগালুৰুৰত ভয়ংকৰ বিস্ফোৰণ। আহত ১০জনকৈ লোক ।
শুকুৰবাৰে বেংগালুৰুৰ ৰামেশ্বৰম কেফেত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ।
জানিব পৰা মতে, ঘটনাটো মধ্যাহ্নভোজনৰ ব্যস্ততাৰ সময়ত সংঘটিত হয় । এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকল ঘটনাস্থলী ততাতৈয়াকৈ উপস্থিত হয় । বেংগালুৰু আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে(At least Ten people injured in blast at cafe in India’s Bengaluru) ।
এগৰাকী আৰক্ষী বিষয়াই জনোৱা অনুসৰি, প্ৰাৰম্ভিক সন্দেহ অনুসৰি এইটো এটা চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা । এইটো এটা সৰু বিস্ফোৰণ আৰু আমি আহতসকলক চিকিৎসালয়লৈ স্থানান্তৰিত কৰিছো । ঘটনাটো দুপৰীয়া ১.৩০বজাৰ পৰা ২ বজাৰ ভিতৰত সংঘটিত হয় । আমি বিষয়টো সকলো দিশৰ পৰা অনুসন্ধান কৰি আছো ।” এই বিস্ফোৰণটো এলপিজি চিলিণ্ডাৰ বিস্ফোৰণ বুলি কোৱা হৈছে । আনহাতে, বোমা নিষ্কাশনকাৰী দল, এফএছএল আৰু এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে(Rameshwaram cafe blast ) ।
লগতে আৰক্ষীৰ স্নিফাৰ ডগ দল, ফৰেনচিক বিশেষজ্ঞ আৰু অনুসন্ধানকাৰী দলো ঘটনাস্থলীৰ পৰা প্ৰমাণ সংগ্ৰহ কৰিবলৈ উপস্থিত হয় । বিস্ফোৰণৰ খবৰ পোৱা মাত্ৰকে বিষয়াসকলে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলায় । অৱশ্যে বিস্ফোৰণৰ আঁৰৰ সঠিক কাৰণ সংশ্লিষ্ট বিষয়াসকলৰ দ্বাৰা পুংখানুপুংখ অনুসন্ধানৰ পিছতহে জানিব পৰা যাব ।