Local, Vocal, Global

অসমত কমেও চাৰিখন টোল গেট বন্ধ কৰাৰ সম্ভাৱনা

নিউজ ডেস্ক, ২৮ জুলাই : ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে (NHAI) নিৰ্ধাৰণ কৰা নিৰ্দেশনা উলংঘা কৰি টোল গেট স্থাপন কৰাৰ বাবে অসমত কমেও চাৰিখন টোল গেট বন্ধ কৰাৰ সম্ভাৱনা আছে।

সোনকালেই বন্ধ হোৱাৰ সম্ভাৱনা থকা টোল গেটবোৰ হ’ল সোনাপুৰ টোল গেট (Sonapur toll gate), মদনপুৰ(Madanpur), গালিয়া (Galia) আৰু মিকিৰাটি হাওগাঁও টোল গেট (Mikirati Hawgaon toll gate)।

NHAIৰ নিৰ্দেশনা উলংঘা কৰি অহা অসমৰ এই টোল গেটসমূহ কেন্দ্ৰীয় পথ মন্ত্ৰালয়ে শীঘ্ৰেই বন্ধ কৰাৰ সম্ভাৱনা আছে।

ভাৰতত প্ৰায় ১৮৯ টা টোল গেট আছে যি NHAIৰ দ্বাৰা নিৰ্ধাৰিত ৬০ কিলোমিটাৰ নিয়ম উলংঘা কৰি আহিছে।

লক্ষণীয়ভাৱে, কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাৰ্চ মাহত স্বীকাৰ কৰিছিল যে ভাৰতত বহুতো টোল গেট আছে, যিবোৰে NHAIৰ নিৰ্দেশনা উলংঘা কৰিছে।

নীতিন গাডকাৰীয়ে মাৰ্চত কৈছিল “৬০ কিলোমিটাৰ দূৰত্বৰ বাবে এটাতকৈ অধিক টোল প্লাজা থকাটো অবৈধ আৰু মই এইটো বহুবাৰ কৈছো। কিন্তু আমি টকা পোৱাৰ লগে লগে এইটো চলি আছে। এতিয়া, মই এই সদনক আশ্বাস দিছো যে অহা তিনি মাহত সেই ৬০ কিলোমিটাৰ দূৰত্বৰ সকলো অতিৰিক্ত টোল প্লাজা বন্ধ কৰা হ’ব,”।

লক্ষণীয়ভাৱে, কেন্দ্ৰীয় পথ আৰু পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মাৰ্চ মাহত স্বীকাৰ কৰিছিল যে ভাৰতত বহুতো টোল গেট আছে, যিবোৰে এনএইচএআইৰ নিৰ্দেশনা উলংঘা কৰিছে।